তেজপুৰ, ৬ আগষ্ট : ইণ্ডিয়ান মেৰিটাইম বিশ্ববিদ্যালয়, চেন্নাইৰ অধীনত বিশাখাপট্টনমত 'মেৰিন নিৰ্মাণ কলা আৰু সাগৰীয় অভিযান্ত্ৰিক' (Marine Architect and Ocean Engineer) বিভাগত অধ্যয়ন কৰিবৰ বাবে নিৰ্বাচিত হৈছে জামুগুৰিহাটৰ অভিলেখ কৌশিক । বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অভিলেখ জামুগুৰিহাট ৰাজখোৱাচুক নিবাসী পংকজ কুমাৰ শৰ্মা আৰু ৰণি শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ ।
অধ্যয়নৰ লগতে বেডমিণ্টন খেলত পাৰদৰ্শিতা থকা অভিলেখে জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে এই পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ অধ্যয়নৰ সুযোগ পোৱা অভিলেখ কৌশিক জামুগুৰিহাটৰ প্ৰথমগৰাকী ছাত্ৰ হোৱাৰ লগতে এইবেলি উক্ত পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত শোণিতপুৰ জিলাৰ একমাত্ৰ ছাত্ৰ (INDIAN MARITIME UNIVERSITY CHENNAI) ।
উল্লেখ্য, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় অর্থাৎ Indian Maritime University ৰ জন্ম ভাৰতৰ সামুদ্ৰিক সম্প্ৰদায়ৰ এক দীৰ্ঘদিনীয়া সপোন । ২০০৮ চনৰ নৱেম্বৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে সংসদৰ আইন (আইন ২২)ৰ জৰিয়তে স্থাপিত ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্ছিটীয়ে সামুদ্ৰিক খণ্ডৰ বাবে প্ৰশিক্ষিত মানৱ সম্পদৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে (Indian Maritime University established in November 2008) ।
বিশ্ববিদ্যালয়খনৰ উদ্দেশ্যসমূহ হৈছে :
সামুদ্ৰিক অধ্যয়ন, প্ৰশিক্ষণ, গৱেষণা আৰু সম্প্ৰসাৰণৰ কামৰ সুবিধা আৰু প্ৰচাৰ কৰাৰ বাবে সামুদ্ৰিক বিজ্ঞান, সামুদ্ৰিক ইতিহাস, সামুদ্ৰিক আইন, সামুদ্ৰিক সুৰক্ষা, অনুসন্ধান আৰু উদ্ধাৰ, বিপজ্জনক কাৰ্গো পৰিবহণ, পাৰিপাৰ্শ্বিক অধ্যয়ন আৰু অন্যান্য সম্পৰ্কিত ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰা আৰু লগতে ইয়াৰ সৈতে সম্পৰ্কিত ক্ষেত্ৰ বা আনুষাংগিক অন্যান্য বিষয়ত উৎকৃষ্টতা অৰ্জন কৰা ।