অসম

assam

By

Published : Sep 30, 2020, 7:14 PM IST

ETV Bharat / state

চাহ মজদুৰৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ আকাশ-বতাহ

আনহাতে,আদিবাসীসকলৰ বিভিন্ন দাবীত উত্তাল হৈ পৰিল লখিমপুৰ জিলা ৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ,সদৌ অসম আদিবাসী ছাত্র সন্থাৰ উদ্যোগত লখিমপুৰৰ আনন্দ চাহ বাগিচাকে ধৰি জিলাখনৰ আন কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকে কৰ্মবিৰতি পালনৰ কাৰ্যসূচী গ্ৰহণ কৰে । শ্ৰমিকসকলৰ এই কাৰ্যসূচীৰ ফলত স্তব্ধ হৈ পৰিছে চাহ বাগিচাৰ স্বাভাৱিক কাম কাজ ।

Rangapara
চাহ মজদুৰ

ৰঙাপৰা, 30 ছেপ্টেম্বৰঃ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰিল ৰঙাপৰাৰ ৩৭ খন চাহ বাগিছা। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাটো প্ৰধান দাবী হিচাপে লৈ চাহ শ্ৰমিক ৰাইজ আৰু ছাত্ৰ সংগঠনৰ সদস্য সকলে হাতে হাতে ফেষ্টুন-বেনাৰ আদি লৈ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ প্ৰতিখন চাহ বাগিছাতে অসম চাহ মজদুৰ সংঘই ৰূপায়ণ কৰে মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী। চাহ মজদুৰ সংঘৰ চাহ বাগিছা সমূহৰ প্ৰাথমিক গোট সমূহে পৃথকে পৃথকে চাহ বাগিচা সমূহত দুঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

বিশ্বনাথ

লগতে পঢ়কঃবানৰ প্ৰৱল সোঁতত উটি গ’ল বাইকসহ যুৱক

আনহাতে,আদিবাসীসকলৰ বিভিন্ন দাবীত উত্তাল হৈ পৰিল লখিমপুৰ জিলা ৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ,সদৌ অসম আদিবাসী ছাত্র সন্থাৰ উদ্যোগত লখিমপুৰৰ আনন্দ চাহ বাগিচাকে ধৰি জিলাখনৰ আন কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকে কৰ্মবিৰতি পালনৰ কাৰ্যসূচী গ্ৰহণ কৰে। শ্ৰমিকসকলৰ এই কাৰ্যসূচীৰ ফলত স্তব্ধ হৈ পৰিছে চাহ বাগিচাৰ স্বাভাৱিক কাম কাজ। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবী সমূহ চৰকাৰে পূৰণ নকৰিলে বিজেপি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি বুধবাৰে সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে ।

পূব বিলাসীপাৰা

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ বাগিচা সমূহ বন্ধ ঘোষণা কৰিছিল । শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা, চাহ বাগিচা সমূহৰ মাটিৰ পট্টা প্ৰদান কৰা, বাগিচা সমূহৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা আদি বিভিন্ন সমস্যাৰ দাবীত হেলেম চাহ বাগিচা, বুৰৈ, ডফলাগড়, ব্ৰহ্মাজানৰ লগতে গহপুৰৰ ৯ খন চাহ বাগিচাত বুধবাৰে বন্ধ পালন কৰে। ইফালে বিশ্বনাথৰ বিহালী,কেটেলা,মোনাবাৰী,মিজিকা,বিজুলী গড়,পাভৈ,বাঘমাৰী আদি চাহ বাগিচা সমূহতো এই বন্ধ প্ৰভাৱ পৰিলক্ষিত হয় ৷

ৰঙাপৰা

ইফালে "ভূমিপট্টা প্ৰদান,আদিবাসী সকলক জনজাতিকৰণ,চাহ শ্ৰমিকৰ হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি চৰকাৰে । বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিল দাবী পূৰণৰ কথা । কিন্তু নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পিছতে বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে আদিবাসী সকলক "-এই অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ বুধবাৰে পূৱ বিলাসীপাৰাৰ চৈবাৰী চাহ বাগিচাত চৰকাৰ বিৰোধী ধ্বনিৰে চাহ শ্ৰমিকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । চাপৰ,চৈবাৰী আৰু কৃষ্ণকলি চাহ বাগিচাৰ দুই সহস্ৰাধিক শ্ৰমিকে বহলপুৰ-কোকৰাঝাৰ পথেৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ।

লখিমপুৰ

ABOUT THE AUTHOR

...view details