অসম

assam

ETV Bharat / state

'কা' বাতিলৰ দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ৰঙাপৰা ছাত্ৰ সন্থাৰ - ৰঙাপৰা

সোমবাৰে ৰঙাপৰাত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ 'কা' বাতিলৰ দাবী তুলি ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে ৷

rangapara aasu protest
ৰঙাপৰা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Feb 1, 2021, 9:37 PM IST

ৰঙাপৰা,1 ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰাজপথত সোমবাৰে জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ পুত্তলিকা দাহ কৰে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই ৷

ৰঙাপৰাৰ মাজ মজিয়াত অৰ্থাৎ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ লেই লেই ছেই ছেই, 'কা' আমি নামানো, এই জুই জ্বলিছে জ্বলিবই, ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুৱে ৷

ৰঙাপৰা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীত উপস্থিত থাকে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ বৰা, সভাপতি বাপন দাস বড়ো, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য গৌৰাংগ দত্ত আৰু বহুকেইগৰাকী আছু নেতা-কৰ্মী ৷

লগতে পঢ়ক :তাৰালাংছত ভূমি পট্টা বিতৰণ

ABOUT THE AUTHOR

...view details