চতিয়া,13 মাৰ্চ:শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা ছাত্ৰ সন্থায়েও কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷ চিৰাজুলি, ঢেকীয়াজুলিৰ পৰা তেজপুৰ, বালিপৰা হৈ জামুগুৰিহাটলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷
উক্ত বাইক ৰেলীত ছাত্ৰ সন্থাৰ লগতে অন্যান্য জাতীয়-জনগোষ্ঠীয় সংগঠনৰ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও এই বাইক ৰেলীৰ জৰিয়তে এই আইনৰ বিৰোধিতা কৰি ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷