অসম

assam

ETV Bharat / state

অৰুণাচলী যুৱকে সাজি উলিয়ালে পি পি ই কীট - PPE kit

অৰুণাচলৰ এজন উদ্যমী যুৱকৰ প্ৰচেষ্টা । মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চলি অহা যুঁজৰ সহায়াৰ্থে চানফু ৱাংচু নামৰ যুৱকজনে চিকিৎসকৰ বাবে প্ৰস্তুত কৰিলে পি পি ই কীট ।

পি পি ই কীট
অৰুণাচলী যুৱকৰ প্ৰচেষ্টা ,সাজি উলিয়ালে পি পি ই কীট

By

Published : Apr 23, 2020, 12:46 AM IST

তেজপুৰ,২২ এপ্ৰিলঃ পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চানফু ৱাংচু নামৰ যুৱকজনৰ বিশেষ প্ৰচেষ্টা । অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ ল'কখো গাঁৱৰ যুৱকজনে ২৫ টা পাৰ্চনেল প্ৰটেকশ্ব্যন কীট (পি পি ই) প্ৰস্তত কৰি উলিয়াই । কীটকেইটা প্ৰস্তুত কৰি জমা দিয়ে জিলা উপায়ুক্তক ।

অৰুণাচলী যুৱকৰ প্ৰচেষ্টা ,সাজি উলিয়ালে পি পি ই কীট

চানফু ৱাংচুৱে এই কীট কৰ'ণাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অহৰ্নিশে ব্ৰতী হৈ থকা চিকিৎসা কৰ্মীসকলৰ বাবে জিলা উপায়ুক্ত চেষ্ঠা যাদৱৰ হাতত অৰ্পণ কৰে । লগতে চানফু ৱাংচুয়ে নিজে প্ৰস্তুত কৰি উলিওৱা ১৫০ খন মাস্কো জিলা উপায়ুক্ত গৰাকীক অৰ্পণ কৰে ।

অৰুণাচলী যুৱকৰ প্ৰচেষ্টা ,সাজি উলিয়ালে পি পি ই কীট

উল্লেখ্য যে, চানফু ৱাংচুয়ে বজাৰত উপলব্ধ হোৱা প্লাষ্টিক আৰু অন্যান্য সামগ্ৰীৰে এই পি পি ই কীট সমূহ প্ৰস্তুত কৰি উলিয়াই । ইতিপূৰ্বে চানফু ৱাংচুয়ে তেওঁ থকা জিলাখনৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ টিউশ্বন কৰাৰ কথা ঘোষণা কৰি প্ৰংশা বুটলিবলৈ সক্ষম হয় ।

অৰুণাচলী যুৱকৰ প্ৰচেষ্টা ,সাজি উলিয়ালে পি পি ই কীট

২৫ বছৰীয়া অৰুণাচলী যুৱক চানফু ৱাংচুয়ে জনহিতাৰ্থে কৰা এই কৰ্মত মুগ্ধ হৈ জিলা উপায়ুক্ত চেষ্ঠা যাদৱে কয় যে, "মই অৰুণাচল প্ৰদেশৰ যুৱপ্ৰজন্ম, স্বেচ্ছাসেৱী সংস্থা আৰু সামাজিক সংস্থা সমূহৰ কৰ'ণাৰ বিৰুদ্ধে দেখুওৱা সজাগতামূলক পদক্ষেপকলৈ সন্তুষ্ট আৰু উৎসাহী হৈছো ।

অৰুণাচলী যুৱকৰ প্ৰচেষ্টা ,সাজি উলিয়ালে পি পি ই কীট

ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজাৰ বাবে ইতিমধ্যে বিভিন্ন সংস্থাৰ লগতে আই আই টি প্ৰতিষ্ঠানসমূহে সমূহে নিজৰ নিজৰ উদ্ভাৱনেৰে চৰকাৰ আৰু প্ৰশাসনক সহায় কৰি আহিছে ।

ABOUT THE AUTHOR

...view details