অসম

assam

By

Published : Nov 4, 2019, 6:57 PM IST

ETV Bharat / state

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

খীষ্ট্ৰান ধৰ্মালম্বী লোকৰ ঘৰত জন্ম গ্ৰহণ কৰা এগৰাকী যুৱতী ডাঙৰ দীঘল হয় তেজপুৰ দুলাবাৰীৰ মুছলমান ধৰ্মাৱলম্বী হামিড নামৰ ব্যক্তি জনৰ ঘৰত ৷ মুছলিম সম্প্ৰদায়ত ডাঙৰ দীঘল হোৱা মণিকা শিকঞ্জু নামৰ যুৱতী গৰাকী দেওবাৰে বিবাহ পাশত আৱদ্ধ হয় হিন্দু ধৰ্মৰ এজন যুৱকৰ লগত ৷

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

তেজপুৰ, ৪ নৱেম্বৰ: যি সময়ত সমাজত প্ৰচলিত কিছুমান বিশেষ আসোঁৱাহ আৰু এচাম লোকে ধৰ্মৰ নামত মেৰুকৰণ কৰি আহিছে সেই সময়তে তেজপুৰ মাজগাঁৱৰ নিৱাসী সুদীপ্ত তামুলীৰ এক ব্যতিক্ৰমী চিন্তাই ৰাইজৰ ভূয়সী বুটলিবলৈ সক্ষম হৈছে । এখন ব্যতিক্ৰমী বিয়াৰ বাবে তেজপুৰত সুদীপ্ত তামুলী নামৰ ব্যক্তি গৰাকীৰ নাম চৰ্চিত হৈছে ৰাইজৰ মাজত ।

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

ঘটনা অনুসিৰ, খীষ্ট্ৰান ধৰ্মালম্বী লোকৰ ঘৰত জন্ম গ্ৰহণ কৰা এগৰাকী যুৱতী ডাঙৰ দীঘল হয় তেজপুৰ দুলাবাৰীৰ মুছলিম ধৰ্মালম্বী হামিড নামৰ ব্যক্তি জনৰ ঘৰত ৷ মুছলিম সম্প্ৰদায়ত ডাঙৰ-দীঘল হোৱা মণিকা শিকঞ্জু নামৰ যুৱতী গৰাকী দেওবাৰে বিবাহ পাশত আৱদ্ধ হয় হিন্দু ধৰ্মৰ এজন যুৱকৰ লগত ৷ তেজপুৰৰ সুদীপ্ত তামুলীৰ ঘৰত ডাঙৰ-দীঘল হোৱা পিতৃ-মাতৃহীন ৰাজীৱ নামৰ যুৱকজনৰ লগত সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে বিবাহত বহিল মণিকা শিকঞ্জু ৷ খীষ্ট্ৰান, মুছলমান আৰু হিন্দু এই তিনিটা ধৰ্মৰ সংমিশ্ৰণৰে এখন বিবাহে তিনিটা ধৰ্মৰ সুতি গঢ়িলে বুলি প্ৰশংসা কৰে তেজপুৰবাসীয়ে ৷

ABOUT THE AUTHOR

...view details