তেজপুৰ,16 মাৰ্চ: ৰাম প্ৰসাদ শৰ্মাৰ পদত্যাগ সম্পৰ্কত অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া ৷ এই ক্ষেত্ৰত পাৰ্টীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীৰ ৷
আৰ পি শৰ্মাৰ পদত্যাগ সম্পৰ্কত ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া - etv bharat assam
এই ক্ষেত্ৰত পাৰ্টীয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য ৰঞ্জিত দত্তৰ
লগতে পদত্যাগ পত্ৰ গ্ৰহণ সম্পৰ্কত শীৰ্ষ নেতৃত্বৰ ৰায়ৰ দ্বাৰা অৱগত নহয় বাবে তাৎক্ষণিক মন্তব্য কৰাটো অসম্ভৱ বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9 টাকৈ সমষ্টিৰ ভিতৰত 8 টা সমষ্টিত বিজেপিৰ আৰু 1 টা সমষ্টিত অগপৰ বিধায়ক আছে বুলি উল্লেখ কৰি ইতিমধ্যে বিজেপিৰে অগপৰ মিত্ৰতা হোৱা বাবে বিজেপি প্ৰাৰ্থীৰ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে । ইয়াৰ উপৰিও, অগপৰে মিত্ৰতাৰ পাচত আগন্তুক লোকসভা নিৰ্বাচনত 14 খন আসনৰ 12 খনেই লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷