তেজপুৰ,6 আগষ্ট : তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ অধীনস্থ বান্দৰমাৰী বৰঘোপ অঞ্চলত বৃহস্পতিবাৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে দেহত অগ্নিসংযোগ কৰি ৰহস্যজনভাৱে আত্মহত্যা (Suicide) কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীক নলবাৰীৰ দুই সন্তানৰ পিতৃ ৰেকিবুদ্দিন আহমেদ নামৰ লোকজনে দিয়া মানসিক চাপৰ বাবেই কিশোৰীগৰাকীয়ে আত্মহননৰ পথ বাছি লৈছে ৷ ছাত্ৰীগৰাকীৰ সৈতে পৰিচয় হোৱাৰ পাচত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৰেকিবুদ্দিনে ৷
শেহতীয়াকৈ ছাত্ৰীগৰাকীক বিবাহৰ বাবেও হেঁচা দিবলৈ আৰম্ভ কৰিছিল ৰেকিবুদ্দিনে ৷ কিন্তু ৰেকিবুদ্দিনৰ কথা অসন্মতি প্ৰদান কৰাত ছাত্ৰীগৰাকীৰ ফটো বিনা অনুমতিত ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে লোকজনে ৷ ইয়াৰ পাচতে বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰা সন্ধানহীন হয় ছাত্ৰীগৰাকী ৷ অৱশেষত নিজ বাসগৃহৰ পিছফালে এডৰা জংঘলৰ মাজত ছাত্ৰীগৰাকীক অগ্নিদগ্ধ হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক :Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?