তেজপুৰ,23মে':অৱশেষত 7 দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিল তেজপুৰ মেডিকেল কলেজ হাস্পাতাল ৰ 5 জনীয়া চিকিৎসক কৰ্মীৰ এটা দল ৷ বিগত 7 দিন ধৰি COVID19ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি আছিল চিকিৎসকৰ দলটোৱে ৷ইপিনে চিকিৎসকৰ দলটোক 7দিনৰ বাবে তেজপুৰস্থিত এখন হোটেলত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ 5 জনীয়া চিকিৎসকৰ দলটোক জিলা প্ৰশাসন,মেডিকেল কলেজৰ অধ্যক্ষৰ লগতে চিকিৎসা কৰ্মীয়ে গামোচাৰে উষ্ম আদৰণি জনায় ৷মুকলি আকাশৰ তললৈ ওলাই আহিয়েই চিকিৎসকৰ দলটোৱে সাংবাদিকৰ আগত নিজৰ অভিজ্ঞতা প্ৰকাশ কৰাৰ লগতে এই সেৱাত জড়িত হ'ব পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷আনহাতে শনিবাৰে নিশা চিকিৎসালয়খনৰ আন এটা চিকিৎসকৰ দলো মুকলি আকাশৰ তললৈ আহিব ৷
মুকলি আকাশৰ তললৈ COVID19ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা কৰা 5জনীয়া চিকিৎসকৰ দল - তেজপুৰ মেডিকেল কলেজ
বিগত 7 দিন ধৰি COVID19ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি আছিল চিকিৎসকৰ দলটোৱে ৷ইপিনে চিকিৎসকৰ দলটোক 7দিনৰ বাবে তেজপুৰস্থিত এখন হোটেলত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ 5 জনীয়া চিকিৎসকৰ দলটোক জিলা প্ৰশাসন,তেজপুৰ মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষৰ লগতে চিকিৎসা কৰ্মীয়ে গামোচাৰে উষ্ম আদৰণি জনায় ৷

মুকলি আকাশৰ তললৈ COVID19ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা কৰা 5জনীয়া চিকিৎসকৰ দল
মুকলি আকাশৰ তললৈ 5 জনীয়া চিকিৎসক কৰ্মীৰ দল
উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত থকা মাণ্ডলীক কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পাতালত মুঠ 18 গৰাকী কৈ ৰোগী চিকিৎসাধীন হৈ থকাৰ উপৰিও বিশ্বনাথত জিলাৰ টক গায়ৰী নামৰ এগৰাকী ৰোগীও হাস্পাতালখনত চিকিৎসাধীন হৈ আছে ৷