তেজপুৰ,23 জুন:1962 চনৰ শুকুলা বৰফৰ দলিচাৰ মাজৰ এক ইতিহাস প্ৰসিদ্ধ কাহিনী ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ নুৰানং চেক্টৰৰ যুদ্ধৰ এক শিহৰণকাৰী কাহিনী ৷ টাৱাঙক উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি ক’লেও ভুল কৰা নহ’ব । চৌদিশে শুভ্ৰ বৰফৰ মাজত অৱস্থিত টাৱাং চহৰ আৰু সেইবাবে হয়তো চীনে পাহৰিব নোৱাৰে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশক ৷
এয়া 1962 চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ৰ এগৰাকী যোদ্ধাৰ কাহিনী । ভাৰতীয় সেনাৰ এক অন্যতম সেনানী গাৰুৱাল ৰাইফলছৰ সৈনিক যাৰ শিৰচ্ছেদ কৰি লৈ গৈছিল চীনা সৈন্যই ৷ এইগৰাকী বীৰ শ্বহীদৰ বিষয়ে প্ৰকাশ পাইছে এই প্ৰতিবেদনত ৷ একেৰাহে 72 ঘণ্টা চীনা সৈন্যৰ লগত অকলে যুঁজি তিনিদিন আৱদ্ধ কৰি ৰাখিছিল টাৱাঙৰ পৰা 1000 ফুট উচ্চতাত চেলাপাছৰ পৰা 21 কিল’মিটাৰ নিলগৰ নুৰানঙত ৷ এই যোদ্ধাগৰাকীৰ নাম হৈছে যশোৱন্ত সিং ৰাৱাট ৷ 1941 চনৰ 19 আগষ্টত হাৰিয়ানাত জন্মগ্ৰহণ কৰা ৰাৱাটে অৰুণাচল প্ৰদেশৰ নুৰানং চেক্টৰত 1962 চনৰ যুদ্ধত চীনা সৈন্যৰে মুখামুখি সমৰত নামিছিল ৷
1962 চনৰ 8 চেপ্তেম্বৰত চীনা সৈন্যই যেতিয়া নামকা-চু অঞ্চলত ভাৰত-তিব্বতৰ সীমান্ত পথেদি ভাৰতীয় সৈন্যৰ অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত চীনা সৈন্যই ক্ৰমান্বয়ে প্ৰৱেশ কৰে টাৱাঙত ৷ ইয়াৰ পিছত 17 নৱেম্বৰত টাৱাং অতিক্ৰমি নুৰানং চেক্টৰত প্ৰৱেশ কৰি থমকি ৰবলগীয়া হৈছিল চতুর্থ গাড়োৱাল ৰাইফলছৰ এই পৰাক্ৰমী যোদ্ধাৰ সন্মুখত ৷ সেনাৰ উচ্চতম কৰ্তৃপক্ষই যশোৱন্ত সিঙক শিবিৰ এৰি পিছুৱাই আহিবলৈ আহ্বান জনাই যদিও সেয়া নামানি সতীৰ্থ দুই জোৱানৰ লগত যুদ্ধ কৰে বীৰগৰাকীয়ে ৷ সতীৰ্থ গোপাল গোঁসাই আৰু লেন্স নায়ক তিলক অৱশেষত শ্বহীদ হয় শত্ৰুৰ আক্ৰমণত ৷