শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি শিশু - জাপানীজ এনকেফেলাইটিছ
শিশুটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। ইতিমধ্যে শিশুটি উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হৈছে।
![শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি শিশু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3797545-67-3797545-1562743822116.jpg)
শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি শিশু
শোণিতপুৰ,10 জুলাইঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ বামগাওঁ চাহ বাগিচাৰ এজন শ্ৰমিক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পিচত এইবাৰ চাৰিদুৱাৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলগুৰি গাৱঁৰ বিচিত্ৰ স্বৰ্গিয়াৰী নামৰ এটি ৭ বছৰীয়া এটি শিশু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হয়। জানিব পৰা মতে চলিত মাহৰ 5 তাৰিখৰ পৰা শিশুটিৰ জ্বৰ হৈ থকাৰ বাবে চাৰিদুৱাৰ চিকিৎসালয়ত তেজ পৰীক্ষা কৰোৱাৰ পিচতে শিশুটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। ইতিমধ্যে শিশুটি উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হৈছে।
শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি শিশু