চতিয়া, ৬ অক্টোবৰ: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙাৰ সমন্বয় নামৰ আত্মসহায়ক গোটটোৱে নিৱনুৱা সকলক দেখুৱাইছে জীৱন নিৰ্বাহৰ এক নতুন পথ ৷ মাছ,গাহৰি, কুকুৰা পালনৰে নিবনুৱা যুৱক সকলৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে এই গোটটো ৷
মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লোৱা এটা আত্নসহায়ক গোট - সমন্বয় আত্মসহায়ক
মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লৈছে জামুগুৰিহাটৰ হাটিঙাৰ সমন্বয় নামৰ আত্মসহায়ক গোটটোৱে ৷ আঁচনিৰ জৰিয়তে গোটটোৰ দহজন সদস্যই পালন কৰিছে মাছ,গাহৰি আৰু কুকুৰা ৷ আন বহু নিবনুৱা যুৱকৰ বাবে গোটটো হৈ পৰিছে এতিয়া আদৰ্শ ৷
মাছ,গাহৰি পালনেৰে স্বাৱলম্বীৰ পথ বাচি লৈছে এটা আত্নসহায়ক গোট
উল্লেখ্য যে,বিধায়ক পদ্ম হাজৰিকাই আৰবিএচ আঁচনিৰ জৰিয়তে আগবঢ়োৱা মূলধনক সাৰথি হিচাপে লৈ এইদৰে পুখুৰীত মাছ পালনৰ লগতে গাহৰি আৰু কুকুৰা পালন কৰি স্ব-নিয়োজনৰ পথত আগবাঢ়ি গৈছে গোটটোৰ সদস্য সকল । মাছ,গাহৰি, কুকুৰা পালনৰ উপৰিও নিজৰ পামত ধান খেতিও কৰিছে সমন্বয় আত্মসহায়ক গোটটোৰ সদস্য সকলে । এই সমন্বয় আত্মসহায়ক গোটটোত আছে মুঠ দহগৰাকীকৈ সদস্য ৷
অন্য এক খবৰৰ বাবে: ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান