অসম

assam

ETV Bharat / state

এটা ৰেলপথ, এখন স্কুল আৰু পাঁচগৰাকী শিক্ষাৰ্থী... - A school with only five students and one teacher

মিছামাৰীত পাঁচজন ছাত্র-ছাত্ৰীৰে চলিছে এখন প্ৰাথমিক বিদ্যালয় ৷ বান্দৰহাগী চৰকাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান কৰিছে পাঁচ শিক্ষাৰ্থীক (A school with only five students and one teacher) ৷

only five students and one teacher in a school
এটা ৰেলপথ, এখন স্কুল আৰু পাঁচগৰাকী শিক্ষাৰ্থী...

By

Published : May 11, 2022, 5:26 PM IST

Updated : May 11, 2022, 8:35 PM IST

ৰঙাপৰা,11 মে':১৯৫০ চনত স্থাপন হোৱা শোণিতপুৰৰ মিছামাৰীৰ বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়খন সম্প্ৰতি পাঁচজন ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী শিক্ষয়িত্ৰীৰে চলি আছে (A school with only five students and one teacher)। ফলত দিনক দিনে সংকটৰ গৰাহলৈ গতি কৰিছে চৰকাৰী বিদ্যালয়খন । বিদ্যালয়খনত যোৱা বছৰটোত তিনিজন ছাত্র-ছাত্ৰী আছিল যদিও এইবেলি মাত্ৰ দুজন ছাত্ৰইহে বিদ্যালয়খনত নাম ভৰ্তি কৰিছে ।

বৰ্তমান 'ক' শ্ৰেণীত ২ জন, প্ৰথম শ্ৰেণীত ২ জন আৰু দ্বিতীয় শ্ৰেণীত ১ জনকে ধৰি মুঠ পাঁচজন ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱা প্ৰধান কাৰণটো হৈছে এটা ৰেলপথ । ৰঙিয়া-ৰঙাপৰা-মুৰ্কংচেলেক সংযোগী ব্ৰডগজ ৰেলসেৱা পথচোৱাৰে সঘনাই দ্ৰুতগতিত ৰেল চলাচল হৈ থকাৰ পৰিপ্ৰেক্ষিতত অভিভাৱক সকলে নিজৰ সন্তানটিক ৰেলপথচোৱা অতিক্ৰম কৰিবলৈ শংকিত হয় ।

এটা ৰেলপথ, এখন স্কুল আৰু পাঁচগৰাকী শিক্ষাৰ্থী...

ফলত স্থানীয় ৰাইজে নিজৰ সন্তানটিক সুৰক্ষিত যাতায়তৰ ব্য়ৱস্থা থকা বিদ্যালয়ত নামভৰ্তি কৰি অহাৰ বাবেই বিগত কিছু বছৰৰ পৰা বিদ্যালয়খনত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাই আহিছে । বিদ্যালয়খনত থকা একমাত্ৰ শিক্ষয়িত্ৰী শৰ্মিলা দাসে বিভিন্ন সমস্যা আৰু কষ্টৰ মাজেৰে পাঁচজন ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে । বিদ্যালয়খনত নাই চৌহদৰ পকীবেৰ ।

নিৰ্জন ঠাইত থকা বিদ্যালয়খনত শিক্ষয়িত্ৰী গৰাকীয়ে শংকাৰ মাজেৰে শিক্ষাদান কৰি আহিবলৈ বাধ্য হৈছে । উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষত বৃটিছৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ সময়ত মিছামাৰীত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঠিত হোৱা ভলণ্টিয়াৰ্ছ বাহিনীসকলে বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভূমিত কেম্প স্থাপন কৰি সংগ্ৰাম চলাইছিল ।

লগতে পঢ়ক:গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

Last Updated : May 11, 2022, 8:35 PM IST

ABOUT THE AUTHOR

...view details