তেজপুৰ, ১৫ ডিচেম্বৰ:তেজপুৰ চহৰৰ ধোৱা পুখুৰী পাৰৰ পাৰ্কিঙত তেজপুৰ পৌৰসভাৰ অধীনত খান্দি থোৱা এটা গাতত পৰে এগৰাকী ঠেলা চালক ৷ লোকগৰাকী গাতত পৰাৰ পাচতে এখন বাহনৰ খুন্দাত প্ৰকাণ্ড শ্লেপ এখন পৰি বহু সময়ৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া হয় লোকগৰাকী ৷
তেজপুৰ চহৰৰ ৰাজপথৰ মেন হলত সোমাল পথাচাৰী
তেজপুৰ পৌৰসভাৰ অধীনত খান্দি থোৱা এটা গাতত পৰি আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক ৷ তেজপুৰ চহৰৰ ধোৱা পুখুৰী পাৰৰ পাৰ্কিঙত খান্দি থোৱা গাতত পৰা লোকগৰাকীক পৰৱৰ্তী সময়ত স্থানীয় লোকৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ যৎপৰোনাস্তি চেষ্টাত লোকগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু নিকটৱৰ্তী অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ উল্লেখ্য যে, তেজপুৰ পৌৰসভাই চহৰৰ বিভিন্ন স্থানত নলা-নৰ্দমা খন্দাৰ নামত মেন হলৰ সৃষ্টি কৰি সেইবোৰ আধৰুৱাকৈয়ে থৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত সংঘটিত হয় এনে ধৰণৰ ঘটনা ৷ ৰাইজৰ দাবী অতি শীঘ্ৰেই যাতে জিলা উপায়ুক্তই আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে ৷
লগতে পঢ়ক:চৰকাৰী আঁচনি ৰূপায়নৰ নামত ধন দাবী, বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ