অসম

assam

By

Published : Sep 27, 2020, 9:40 AM IST

ETV Bharat / state

এ টি এম ৰক্ষকৰ ভূমিকাত এটা বান্দৰ

এটা এ টি এমত সুৰক্ষাৰ বাবে কপিকুল । এটা বান্দৰে চিপ্চৰ পেকেট লৈ এ টি এমৰ ওপৰত বহি আনন্দ লৈছে ৷ তাৰ মাজতে গ্ৰাহকে টকা উলিয়াইছে এ টি এমটোৰ পৰা । এগৰাকী লোকে ম’বাইলত বন্দী কৰিলে এই দৃশ্য ।

monkey
monkey

তেজপুৰ, 27 ছেপ্টেম্বৰ : ছিক্কিম সংযোগী পশ্চিম বংগৰ কালিম্পঙৰ এটা এ টি এমত সংঘটিত হৈছে এটা আমোদজনক ঘটনা । এটা বান্দৰে চিপ্চৰ পেকেট লৈ এ টি এমৰ ওপৰত বহি আনন্দ লৈছে ৷ তাৰ মাজতে গ্ৰাহকে টকা উলিয়াইছে এ টি এমটোৰ পৰা । এগৰাকী লোকে ম’বাইলত বন্দী কৰিলে এই দৃশ্য ।

এ টি এম ৰক্ষকৰ ভূমিকাত এটা বান্দৰ
যেন এ টি এমটোৰ ৰক্ষকৰ ভূমিকাহে পালন কৰিছে বান্দৰটোৱে ৷ এ টি এমটোলৈ আহি শংকিত হৈছে মানুহ ৷ কিন্তু শংকিত হোৱা নাই হনুমানৰ বংশধৰ ৷ কাকো ভ্ৰূক্ষেপ নকৰাকৈ আপোন মনেৰে এ টি এম মেচিনটোৰ ওপৰত বহি চিপ্চৰ মজা লৈছে বান্দৰটোৱে ৷ ধাৰাসাৰ বৰষুণৰ বাবে যেন মানুহৰ লগতে কপিকুলেও অশান্তিত ভুগিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত । বহু সময় ধৰি বান্দৰটোৱে এ টি এমটোত অৱস্থান কৰিলে । তাৰ মাজতেই মনত শংকা লৈ এ টি এমটোৰ পৰা গ্ৰাহকে টকা উলিয়াব লগীয়াত পৰে ৷

ABOUT THE AUTHOR

...view details