ৰঙাপৰা, ২৯ এপ্ৰিল : পখিলা খেদাৰ বয়সতে শয্যাশায়ী এটি কণমানি । শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱৰ কণমানিটোৰ এনে অৱস্থা দেখি চিন্তিত পৰিয়াল লগতে গাঁওবাসী । সাত বছৰীয়া কণমানিটো সুস্থ হৈ উঠিবলৈ উন্নত চিকিৎসাৰ প্ৰয়োজন । কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে কণমাণিটোৰ চিকিৎসাৰ ব্যয় বহন কৰাটো অসম্ভৱ ।
উল্লেখ্য যে, কণমানিটো হৈছে ভৰত বিশ্বকৰ্মা আৰু পূজা বিশ্বকৰ্মাৰ একমাত্ৰ কন্যা সন্তান ইচিতা বিশ্বকৰ্মা । ডেৰ বছৰ বয়সত নিউমনিয়াত আক্ৰান্ত হৈছিলইচিতা (Isita Vishwakarma of Misamari suffers from incurable disease)। তেজপুৰ মিছন হাস্পতালত পিতৃ-মাতৃয়ে ইচিতাক চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল । কিছু সুস্থ হোৱাত ইচিতাক ঘৰলৈ অনা হৈছিল যদিও তেতিয়াৰে পৰা তেওঁ চলাচল কৰিব নোৱাৰে (A little girl of Misamari suffering from incurable disease)।