অসম

assam

By

Published : Jul 3, 2020, 10:17 AM IST

Updated : Jul 3, 2020, 10:37 AM IST

ETV Bharat / state

চতিয়াত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণাৰ মৃতদেহ

স্থানীয় ৰাইজে সন্দেহ কৰা মতে কোনো অসাধু লোকে হৰিণাটো হানি খুচি মাৰি নিব নোৱাৰি পেলাই থৈ যায় বন বিভাগৰ ভয়ত ৷ আৰক্ষীয়ে উদ্ধাৰ কৰিছে হৰিণাটোৰ মৃচতদেহ ৷

চতিয়াত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণাৰ মৃতদেহ
চতিয়াত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণাৰ মৃতদেহ

চতিয়া,৩ জুলাই:সমগ্ৰ অসমতে বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শুকুৰবাৰে পুৱা প্ৰায় পাঁচ মান বজাত শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত বগাবিল অঞ্চলত এটা মৃত প্ৰায় অৱস্থাত থকা হৰিণা উদ্ধাৰ কৰে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে সন্দেহ কৰা মতে কোনো অসাধু লোকে হৰিণাটো হানি খুচি মাৰে বুলি অভিযোগ দিয়ে । বগাবিল অঞ্চলৰ কেইজনমান যুৱকে হৰিণাটো বচোৱাৰ আপ্ৰাণ চেষ্টা চলায় যদিও ব্যৰ্থ হয় । শেষত স্থানীয় ৰাইজে জামুগুৰি আৰক্ষীক অৱগত কৰাত জামুগুৰি থানাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথৰ লগতে বন বিভাগৰ দল উপস্থিত হৈ মৃত হৰিণটো চমজি লয়। পিচত বনবিষয়া চন্দন দাসে মৃত হৰিণাটো মৰণোত্তৰ পৰিক্ষাৰ বাবে জামুগুৰি আৰক্ষী থানালৈ লৈ যায়।

চতিয়াত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণাৰ মৃতদেহ
লগতে চাওকঃ ছেলফি ল'বলৈ গৈ জলপ্ৰপাতত ডুবি প্ৰাণ হেৰুৱালে 5 যুৱকে
Last Updated : Jul 3, 2020, 10:37 AM IST

ABOUT THE AUTHOR

...view details