চতিয়া,৩১ জানুৱাৰী :অসমীয়া লোক সংস্কৃতিৰ ক্ষেত্ৰখনক নিজৰ হৃদয়ৰে চহকী কৰি তোলা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উজৰাচুক গাঁৱৰ এগৰাকী শিল্পী হৈছে পূৰ্ণকান্ত নাথ ৷ যিগৰাকী ব্যক্তিৰ অবিহনে জামুগুৰিহাটৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান সমুহ হৈ পৰে শূণ্য ৷ যিগৰাকী ব্যক্তিৰ কণ্ঠৰ পৰা নিগৰীত সুৰ তাল আৰু লয়ে সকলোকে দি যায় সংগীতৰ আন এক মাদকতা ৷ তাৰোপৰি তেখেতৰ তত্বাৱধানত প্ৰতি গৰাকী ন-শিকাৰুৱে পায় পূৰ্ণতা ৷
প্ৰায় দুবছৰ আগতে জামুগুৰিহাটৰ শিল্পী পূৰ্ণকান্ত নাথে প্ৰতিষ্ঠা কৰিছিল “মিলন” সংগীত চৰ্চাকেন্দ্ৰ ৷ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত এই সংগীত চৰ্চা কেন্দ্ৰটো শিল্পী গৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল ৷
বৰ্তমান প্ৰায় তিনিকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে এই সংগীত কেন্দ্ৰটোত ৷ বৰগীত, লোকগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, আধুনিক গীত, ঘোষা আদিকে ধৰি সংগীতৰ সকলো শিক্ষা দিয়া হয় এই সংগীত কেন্দ্ৰটোত, য’ত প্ৰতিগৰাকী কণ কণ শিশু, কিশোৰ কিশোৰী, সকলোৰে মাজত সংগীতৰ জ্ঞান বিলাই দিয়াত ব্যস্ত শিল্পীগৰাকী ৷