অসম

assam

ETV Bharat / state

Change of Religion:তেজপুৰত ধৰ্মান্তৰিত এটা খ্ৰীষ্টান পৰিয়াল

তেজপুৰৰ বিধায়কৰ উপস্থিতিত হিন্দু ধর্মলৈ ধৰ্মান্তৰিত হ’ল এটা চাৰিজনীয়া খ্ৰীষ্টান পৰিয়াল ।

By

Published : Jun 29, 2023, 6:15 PM IST

conversion
প্ৰত্যাৱৰ্তন অনুষ্ঠান

প্ৰত্যাৱৰ্তন অনুষ্ঠান

তেজপুৰ, ২৯ জুন : শোণিতপুৰত ধৰ্মান্তকৰণ । ঘটনা তেজপুৰৰ নিকটৱৰ্তী এলেকাৰ । জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ’ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাবে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোক অথবা পৰিয়াল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ সময়তে শোণিতপুৰ জিলাৰ মোৱামাৰীৰ কলিতা চুবুৰীৰ এটা খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ’ল । বিশ্ব হিন্দু মহাসংঘ, অসম আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ অসমৰ যৌথ প্ৰচেষ্টাত তেজপুৰৰ মোৱামাৰী কলিতা চুবুৰী গাঁৱৰ নামঘৰত আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মাৱলম্বী চাৰিজনীয়া পৰিয়াল এটাই হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে ।

কলিতা চুবুৰী নামঘৰত সম্পূৰ্ণ বৈদিক ৰীতি-নীতি আৰু পৰম্পৰাৰে খ্ৰীষ্টান পৰিয়ালটোক হিন্দু ধৰ্মত দীক্ষিত কৰা হয় । বিন্দুকুৰি মোৱামাৰীৰ জয়ৰাম কোঁচ নামৰ লোকজনৰ পৰিয়ালে হিন্দু ধৰ্মৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হিন্দুধৰ্মত দীক্ষা লয় । পৰিয়ালটোৱে হিন্দু ধৰ্মলৈ প্ৰত্যাৱন কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিষ্ণু যজ্ঞও অনুষ্ঠিত কৰা হয় । তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই হিন্দু ধৰ্মত দীক্ষিত পৰিয়ালটোক অভিনন্দন জনাই কয় যে, হিন্দু সনাতনী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱা পৰিয়ালটোক সংস্কাৰী ধৰ্মত দীক্ষিত কৰিছে ৰাইজে । পৰিয়ালটোৱে স্ব-ইচ্ছাই প্ৰত্যাৱৰ্তন কৰা বুলিও জানিবলৈ দিয়ে বিধায়ক ৰাভাই ।

বৃহস্পতিবাৰৰ উক্ত প্ৰত্যাৱৰ্তন অনুষ্ঠানত অঞ্চলটোৰ হিন্দু লোকসকলে উৎসাহেৰে অংশ গ্ৰহণ কৰি হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা পৰিয়ালটোক নিজৰ সমাজলৈ আদৰণি জনায় । ইফালে অনুষ্ঠানটোত বিশ্ব হিন্দু মহাসংঘ, অসমৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱগোস্বামী, সাধাৰণ সম্পাদক বলেন বৈশ্য, প্ৰচাৰ সম্পাদক নিৰ্মলেশ্বৰ গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিপন গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা, সংস্কৃত ভাৰতীৰ প্ৰান্ত অধ্যক্ষ, দেৱ দামোদৰ সংঘ, অসমৰ উপৰিও সনাতনী সংগঠনৰ কেইবাগৰাকীও কৰ্ম-কৰ্তাই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাৰ্বি আংলং, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ ১৩২ টা পৰিয়াল হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তিত হৈছিল । পূৰ্বে ধৰ্মান্তৰিত পৰিয়ালকেইটাই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা কাৰ্যত অসম সত্ৰ মহাসভাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক :Allegations of corruption against teok municipality: চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

ABOUT THE AUTHOR

...view details