তেজপুৰ, 2 ছেপ্টেম্বৰ: বিস্কুট খাওঁতে সাৱধান হওক ৷ ৰাজ্যত মধ্যাহ্ন ভোজন, প্ৰসাদ অথবা বিভিন্ন খাদ্য ভক্ষণ কৰি লোক অসুস্থ হোৱা খবৰে বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়তে এইবাৰ তেজপুৰৰ পাঁচমাইলত বিস্কুট খাই 5 গৰাকী লোক অসুস্থ হোৱাৰ খবৰ পোহৰলৈ আহিছে ( A family falls ill after eating biscuits)৷
শোণিতপুৰ জিলাৰ পাঁচমাইল চামধৰাত শুকুৰবাৰে একেখন ঘৰতে শিশুসহ পাঁচজন লোক বিস্কুট খাই অসুস্থ হৈছে ৷ চাহৰ লগত বিস্কুট খাই অসুস্থ এটা পৰিয়ালৰ ৫ গৰাকী সদস্যই চিকিৎসাধীন হ’বলগীয়া হয় ৷ অসুস্থ 5 গৰাকী ক্ৰমে আহমদ আলি, নুৰজাহান বেগম, ৰূপজান বিবি, মুকচিদুল ইছলাম আৰু অনিচা বেগম ৷ ইয়াৰে মুকচিদুল ৭ বছৰীয়া আৰু অনিচা ৯ বছৰীয়া শিশু ৷