তেজপুৰ, 21 জুলাই : গহপুৰৰ তেলৰচুঙা বৰিত এজন 14 বছৰীয়া কাকুমনি বৰুৱা নামৰ কিশোৰৰ সাহসিকতাৰ পৰিচয়। নদীৰ বুকুৰ পৰা প্ৰায় 2 কি.মি. সাঁতুৰি উদ্ধাৰ কৰিলে গুৰুতৰ ভাৱে আহত এটি পহু ।
জানিব পৰা মতে,কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো । প্ৰথম অৱস্থাত নাৱেৰে গৈ নদীৰ বুকুত সাঁতুৰি পহুটো উদ্ধাৰ কৰে যুৱকজনে । গুৰুতৰ ভাৱে আহত পহুটোৰ মুখমণ্ডল আৰু পিছ অংশৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈ আছিল ।