তেজপুৰ, 23 জুলাই : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্পৰ পৰা আজি 9 বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভাৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ম অনুসৰি বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ হয় । মঙলবাৰে পুৱা 10 বজাত তেজপুৰ ডিটেনশ্যন কেম্পত থকা 4 জনক প্ৰথমে প্ৰত্যাৰ্পণ আৰু পাচত ধেমাজি আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত 5 জনক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰা হয় ।
9 বাংলাদেশী অনুপ্ৰৱেশকাৰীক প্ৰত্যাৰ্পণ বাংলাদেশলৈ
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা 9 বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভাৰত চৰকাৰৰ সম্পূৰ্ণ নিয়মেৰে বাংলাদেশলৈ প্ৰত্যাৰ্পণ ৷ আজি পুৱা 10 বজাত তেজপুৰ ডেটেনচনত থকা প্ৰথম 4 জনক প্ৰত্যাৰ্পণ আৰু ধেমাজি আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত বাকী 5 গৰাকী সকলোকে আজি বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰা হয় ৷
বাংলাদেশৰ উচ্চ আয়ুক্তৰ লগত যোগাযোগ কৰি ডাউকিত বাংলাদেশ কৰ্তৃপক্ষই কাইলৈ তথা 24 জুলাইত গ্ৰহণ কৰিব বাংলাদেশী নাগৰিক কেইগৰাকীক। তেজপুৰ কাৰাগাৰত থকা বাংলাদেশী নাগৰিক কেইগৰাকী ক্ৰমে জাহাঞিৰ আলি,আব্দুল কাছেম,মহম্মদ আব্দুললা আৰু মহম্মদ আব্দুল কালাম মুল্লা।
ইপিনে বাংলাদেশৰ চাটখৰা জিলাৰ খোলানা ডিভিজনৰ এটি পৰিয়ালৰ এজন যুৱকে 23 পূৰ্বে নিৰুদ্দেশ হোৱা তেওঁৰ জ্যেষ্ঠ ভাতৃ আজবিৰ পীডাক বিচাৰি পাইছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্পত । তেওঁকো আজি সম্পূৰ্ণ চৰকাৰী নীতি-নিয়মেৰে প্ৰত্যাৰ্পণ কৰা হয় বাংলাদেশলৈ ৷