তেজপুৰ, ২৬ মাৰ্চ:অসমক হাঁহিবলৈ শিকোৱা মহান মনীষীজনক সুঁৱৰিলে অসমে ৷ অসমীয়া আধুনিক সাহিত্যৰ পথপ্ৰদৰ্শক তেওঁ ৷ তেওঁ ৰসৰাজ, তেওঁ সাহিত্যৰথী ৷ ১৯৩৮, ২৬ মাৰ্চত ডিব্ৰুগড়ত মৃত্যুবৰণ কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই (Rasaraj Lakshminath Bezbaruah) ৷ দেওবাৰে তেজপুৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন কৰে তেজপুৰ সাহিত্য সভাই (85th Death Anniversary)। ১৯২৪ চনত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) সভাপতিৰ আসন অলংকৃত কৰিছিল সাহিত্যৰথী বেজবৰুৱাই ৷
মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাতা কৰিবলৈ চেষ্টা কৰা প্ৰথমজন ব্যক্তি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (85th smriti Divas observed in Tezpur) ৷ আজিৰ দিনটোত এই জনা অসমীয়া জাতিৰ মহান মনীষীৰ প্ৰতিমূৰ্তিত এগছি বন্তি জ্বলাই, মাল্যাৰ্পণ কৰি তেজপুৰবাসীয়ে তেওঁক সুঁৱৰে ৷ তেওঁৰ ৰচনাৰাজি প্ৰতিজন অসমীয়াৰ হৃদয়ত শিপাই আছে ৷ অসমীয়া মানুহে হাঁহিব নাজানে বুলি ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ ৷ বেজবৰুৱাই হাঁহিৰ মেটমৰা সম্ভাৰ সৃষ্টিৰে হঁহুৱাবলৈ চেষ্টা কৰিছিল অসমীয়া মানুহক ৷
তেজপুৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বেজবৰুৱাক স্মৰণ কৰে অসমবাসীয়ে ৷ অসমৰ জাতীয় সংগীতৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৷ এই উপলক্ষে তেজপুৰ সাহিত্য সভাৰ সভাপতিৰ প্ৰমুখ্যে বিষয়ববীয়া-সদস্যসকলে ৰসৰাজৰ প্ৰতিমূৰ্তিত ফূল চটিয়াই, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ বুঢ়ী আইৰ সাধুক বুকুত কঢ়িয়াই লৈ ফুৰা এজাক কণমানিয়েও প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ, সেৱা জনাই বিচাৰিলে আশীৰ্বাদ ৷