অসম

assam

ETV Bharat / state

তেজপুৰত শোণিতপুৰ জিলা ৰিটাৰ্ণিং বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সংবাদমেল - Sonitpur

শোণিতপুৰ জিলাত ক’ভিডৰ বাবে ৮০ বছৰ উৰ্ধৰ ১২,২২৭ গৰাকী জ্যেষ্ঠ নাগৰিক আৰু ৪,৪৬০ বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰাৰ লগতে ক’ভিড আক্ৰান্ত ব্যক্তিয়েও পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব ৷

8 people Arrested in Sonitpur
ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য দিয়াৰ বাবে শোণিতপুৰত ৮ জনক আটক

By

Published : Feb 28, 2021, 9:00 PM IST

তেজপুৰ, ২৮ ফেব্ৰুৱাৰী :ক’ভিড প্ৰট’কলৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাত নিৰ্বাচনী ৰাজহুৱা সভাৰ বাবে ৮০ খনকৈ খেলপথাৰ নিৰ্দিষ্ট কৰিছে শোণিতপুৰ জিলা ৰিটাৰ্ণিং বিষয়াই ৷ ভোটগ্ৰহণ কেন্দ্ৰত দুজন সমৰ্থক তথা ৰাইজৰ মাজত ৬ ফুট ব্যৱধান থাকিব লাগিব ৷ শোণিতপুৰ জিলা ৰিটাৰ্ণিং বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰি কৰে ৷ তেওঁ সংবাদমেলত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ, মনোনয়ন পত্ৰ দাখিলৰ সময়ত ক’ভিড প্ৰট’কল মনাতো বাধ্যতামূলক বুলি উল্লেখ কৰি ইয়াক কঠোৰ ভাৱে বলবৎ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ লগতে ৰ’ড শ্ব’ৰ ক্ষেত্ৰতো ৰাজনৈতিক দলসমূহে ক’ভিড প্ৰট’কল মানি চলাটো বাধ্যতামূলক বুলি জানিবলৈ দিয়ে ৷ তদুপৰি ৰ’ড শ্ব’ত সৰ্বাধিক ৫ খন বাহনহে ব্যৱহাৰ কৰিব পাৰিব দলসমূহে ৷ এটা ৰ’ড শ্ব’ৰ আধাঘন্টাৰ পিছতহে আন এটা ৰ’ড শ্ব’ আয়োজন কৰিব পাৰিব ৷ একেদৰে প্ৰাৰ্থীসহ তিনিজন ব্যক্তিহে মনোনয়ন দাখিলৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ ওচৰলৈ যাব পাৰিব ৷

ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য দিয়াৰ বাবে শোণিতপুৰত ৮ জনক আটক

জিলা ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া সমষ্টিৰ মুঠ ৮ লাখ ৯৭ হাজাৰ ১২৯ গৰাকী ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ক’ভিড প্ৰট’কলৰ বাবে জিলাখনত ৮০ বছৰ উৰ্ধৰ ১২,২২৭ গৰাকী জ্যেষ্ঠ নাগৰিক আৰু ৪,৪৬০ বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰাৰ লগতে ক’ভিড আক্ৰান্ত ব্যক্তিয়েও পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব ৷ ইফালে, এইবাৰ জিলাখনত নাই অধিক স্পৰ্শকাতৰ অঞ্চল ৷ যদিও জিলাখনৰ সীমান্ত এলেকাত উগ্ৰপন্থী বিৰোধী অভিযান বৰ্তমান নাই তথাপিও নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই এটা অতিৰিক্ত চি আৰ পি এফ কোম্পানী মোতায়েন কৰা হ’ব বুলি সংবাদমেলত আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তই জানিবলৈ দিয়ে ৷ তেওঁ লগতে ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য দিয়া ৮ জন লোকক আৰক্ষীয়ে আটক কৰাৰ কথা জানিবলৈ দিয়ে ৷

ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য দিয়াৰ বাবে শোণিতপুৰত ৮ জনক আটক

লগতে পঢ়ক :নলবাৰীৰ এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ বাহনত শিলাবৰ্ষণ

ABOUT THE AUTHOR

...view details