অসম

assam

ETV Bharat / state

Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত - Arunachal former CM Dorje Kahndu death

অৰুণাচল প্ৰদেশত বিগত ১২ বছৰত ৮ খন হেলিকপ্টাৰ আৰু ২ খন মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত । মুঠ ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে একমাত্ৰ হেলিকপ্টাৰ দুৰ্ঘটনাতে (Helicopter crash in Arunachal) ।

Arunachal
Arunachal

By

Published : Oct 22, 2022, 6:37 PM IST

তেজপুৰ, ২২ অক্টোবৰ : বিগত ১২ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ পাদদেশৰ পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৮ খন হেলিকপ্টাৰ দুৰ্ঘটনগ্ৰস্ত হৈছে (Helicopter crash in Arunachal) । ইয়াৰে ভিতৰত তিনিখন Pawan Hans হেলিকপ্টাৰ আৰু পাঁচখন ভাৰতীয় সেনা আৰু বায়ুসেনাৰ হেলিকপ্টাৰ । মুঠ ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে একমাত্ৰ হেলিকপ্টাৰ দুৰ্ঘটনাত । বহু সময়ত প্ৰতিকূল বতৰৰ ফলত আৰু কেতিয়াবা যান্ত্ৰিক বিজুতিৰ ফলত এনে দুৰ্ঘটনাবোৰ সংঘটিত হোৱা বুলি ঠাৱৰ কৰা হৈছে ।

ইয়াৰ লগতে অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ পৰ্বত আৰু অত্যন্ত ঘন পাহাৰৰ ওপৰৰে উৰা হেলিকপ্টাৰসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সঘনাই প্ৰতি মুহূৰ্ততে সলনি হৈ থকা প্ৰতিকূল বতৰ এক প্ৰধান কাৰণ বুলি জানিব পৰা গৈছে । অৱশ্যে প্রতিটো দুৰ্ঘটনাৰ পিছত ইয়াৰ কাৰণসমূহ ৰাজহুৱা কৰা নহয় (Arunachal Pradesh Helicopter tragedy) ।

Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

দুৰ্ঘটনাসমূহ এনেধৰণৰ :

২০১০ চনৰ ১৯ নৱেম্বৰত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সেনাৰ এটা বিগ্ৰেডৰ ১৯ জন লোকক লৈ গুৱাহাটীলৈ উৰামৰাৰ পিছতে এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় । এজন লেফ্টনেণ্ট কৰ্ণেলৰ সৈতে মুঠ ১৯ জন লোকৰ এই দুৰ্ঘটনাত মৃত্যু হয় ।

ইয়াৰ পিছত ২০১১ চনৰ ১৭ এপ্ৰিলত গুৱাহাটীৰ পৰা টাৱাঙলৈ যোৱা যাত্ৰীবাহী Pawan Hans হেলিকপ্টাৰ অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় (Army helicopter crashes in Arunachal) । উক্ত দুৰ্ঘটনাটোত মুঠ ১৭ জন যাত্ৰী নিহত হয় । ইয়াৰ ভিতৰত দুজন পাইলট, দুটি শিশু আৰু পাঁচজন বিমানৰ crew আছিল । সেই একে মাহতে সংঘটিত হয় সমগ্ৰ বিশ্বকে চিন্তিত কৰি তোলা ভয়ানক হেলিকপ্টাৰ দুৰ্ঘটনাটো । অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰজে খাণ্ডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (Arunachal former CM Dorje Kahndu death) ।

Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

২০১১ চনৰ ৩০ এপ্ৰিলৰ পুৱা Pawan Hans-ৰ AS350 B-3 হেলিকপ্টাৰ টাৱাং হেলিপেডৰ পৰা উৰামাৰি ২০ মিনিটৰ ভিতৰতে সংযোগ বিচ্ছিন্ন হৈ চেলা পাছৰ ১৩,৭০০ ফুট উচ্চতাত দুৰ্ঘটনাগ্ৰস্ত হয় । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মুঠ ৫ জন লোকে প্ৰাণ হেৰুৱায় উক্ত দুৰ্ঘটনাটোত । খাণ্ডুৰ লগতে তেওঁ সুৰক্ষা বিষয়া য়েছি চড্ডাক (Yeshi Choddak), য়েছি লামু (Yeshi Lamu), টাৱাং বিধানসভা সমষ্টিৰ বিধায়ক টচেয়াং ধনদুপৰ ভগ্নী আৰু দুজন পাইলট ক্ৰমে কেপ্টেইন কে এছ সলিক (K S Malick) আৰু Crew কেপ্টেইন জে এছ বাব্বৰৰো (J S Babbar) মৃত্যু হয় ।

Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

উল্লেখযোগ্য যে এই দুৰ্ঘটনাৰ ছয় দিনৰ পিছত ইছৰোৱে (ISRO) ভাৰতীয় বায়ুসেনাৰ চুখয় SU-30 MKI বিমানেৰে ছেটেলাইট চিত্ৰ সংগ্ৰহ কৰি দুৰ্ঘটনাৰ স্থান বিচাৰিবলৈ সক্ষম হয় । মুঠ 3,500 সুৰক্ষা বাহিনী, আৰ্মী, আই টি বি পি, এছ এছ বি, অৰুণাচল প্ৰদেশ আৰক্ষী, স্থানীয় লোক আৰু ভূটান চৰকাৰৰ সুৰক্ষা দল উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছিল ।

ইয়াৰ পিছত ২০১৫ চনৰ ৪ আগষ্টত পূব অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনসাৰ বায়ুসেনাৰ এখন হেলিকপ্টাৰৰ দুৰ্ঘটনা সংঘটিত হয় । উক্ত দুৰ্ঘটনাত এজন জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া কমলেশ যোশীৰ লগতে আৰু দুজন মুঠ ৩ জন নিহত হয় । পুনৰ ২০১৭ চনত বায়ুসেনাৰ হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ৩ জন লোকৰ মৃত্যু হয় । অত্যন্ত বৰষুণ আৰু পাহাৰৰ ভূমিস্খলনৰ ফলত আকাশমাৰ্গ স্পষ্ট নোহোৱাৰ ফলত এই দুর্ঘটনা সংঘটিত হয় ।

Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

একে বছৰতে ২০১৭ চনৰ ৬ অক্টোবৰত বায়ুসেনাৰ MI-17V5 হেলিকপ্টাৰ টাৱাঙৰ পৰা উৰামৰাৰ পিছতে দুর্ঘটনাগ্ৰস্ত হয় । উক্ত দুৰ্ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হয় । ভাৰতীয় বায়ুসেনাৰ এই MI-17V5 অতি উন্নত প্ৰযুক্তিৰ মিলিটেৰী হেলিকপ্টাৰ বুলি জনা যায় । ২০১৬ চনত ভাৰতে ৰাছিয়াৰ পৰা উন্নত প্ৰযুক্তিৰ সংযুক্তিৰে এই হেলিকপ্টাৰ ক্ৰয় কৰিছিল ।

ইয়াৰ পিছত ২০২২ চনত চলিত মাহৰ ৫ অক্টোবৰত টাৱাং জিলাৰ লুম্ফুৰ পৰা কিছু নিলগত ভাৰত-চীন সীমান্তত জেমিথাং দলঙৰ কাষত ভাৰতীয় সেনাৰ Cheetah হেলিকপ্টাৰ দৈনিক উৰণৰ সময়ত দুৰ্ঘটনগ্ৰস্ত হয় । এই দুৰ্ঘটনাত এজন লেফ্টনেণ্ট কৰ্ণেল সৌৰভ যাদৱ নিহত হয় আৰু এজন বৰ্তমানেও চিকিৎসাধীন হৈ আছে ।

পুনৰ ২০২২ চনৰ ২১ অক্টোবৰ অৰ্থাৎ চলিত মাহত পূব অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত সেনাৰ Advance Light Helicopter (ALH) দুৰ্ঘটনাগ্ৰস্ত হয় । শুকুৰবাৰে পুৱা ১০.৪৩ বজাত লিকাবালিৰ পৰা সীমান্তৰ দিশে উৰামৰাৰ ২০মিনিটৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হয় । মুঠ ৫ সেনাৰ লোক থকা হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় । উজনি চিয়াং জিলাৰ টুটিঙৰ সমীপত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ৫ জন জোৱানক আজি উদ্ধাৰ কৰে । মেজৰ বিকাশ ভাম্ভূ, মেজৰ মুস্তাফা ভোৰা, কেপ্টেইন অশ্বীন কে ভি, হাবিলদাৰ বীৰেশ সিংহ আৰু নায়ক ৰোহিতাস কুমাৰৰ দুৰ্ঘটনাটোত মৃত্যু হয় ।

উল্লেখযোগ্য যে ইয়াৰ উপৰি পূব অৰুণাচল প্ৰদেশৰ মেচুকাত বায়ুসেনাৰ মালবাহী বায়ুসেনাৰ এণ্টনভ AN 32 দুখন দুৰ্ঘটনাগ্ৰস্ত হয় । ২০০৯ চনত যোৰহাট বায়ুসেনাৰ বিমানকোঠৰ পৰা মেচুকালৈ যোৱা AN 32 মালবাহী বিমান ১৩,০০০ ফুট উচ্চতাত দুর্ঘটনাগ্ৰস্ত হয় । তাত মুঠ ১৩ জন যাত্ৰী আছিল ।

পুনৰ ২০১৯ চনৰ ৩ জুনত বায়ুসেনাৰ যোৰহাট ৰৰৈয়া বিমানঘাটিৰ পৰা মেচুকালৈ গৈ থকা অৱস্থাত মেচুকালৈ ৫০ কিলোমিটাৰ থাকোঁতে হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হয় । বৈমানিকসহ মুঠ ১৩ জন বায়ুসেনাৰ লোকৰ দুৰ্ঘটনাটোত মৃত্যু হয় । এই ঘটনাৰ ৮ দিনৰ পিছত ১১ জুনত ১২,০০০ ফুট উচ্চতাত বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত দুৰ্ঘটনাৰ স্থান প্ৰত্যক্ষ কৰি মৃতদেহসমূহ উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মা ৰৰ্মা মহাপ্ৰয়াণ

ABOUT THE AUTHOR

...view details