অসম

assam

ETV Bharat / state

অষ্টম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট AN-32 বিমানৰ - Menchukha

বিগত 3 জুনৰ পৰাই সন্ধানহীন হৈ আছে বায়ুসেনাৰ AN-32 বিমানখন ৷ যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ উৰা মৰাৰ পিছৰ পৰাই আজিলৈকে সন্ধানহীন হৈ আছে বিমানখন ৷

AN 32 বিমান

By

Published : Jun 10, 2019, 1:21 PM IST

তেজপুৰ, 10 জুনঃ যোৰহাটৰ পৰা অৰুণাচললৈ বুলি উৰা মৰা বায়ু সেনাৰ AN-32 বিমানৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷ ছিয়াং জিলাৰ কায়িং আৰু পায়ুমৰ মাজত বিমানখনৰ ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন ঘটিছিল ৷ বিমানখন ভূপতিত হোৱা বুলি সন্দেহ কৰা ঠাইখিনি ডাঠ হাবিৰে আৱৰা হোৱাৰ বাবেই এইদৰে অষ্টম দিনাও বিমানখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷

অষ্টম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট AN 32 বিমানৰ

অধিক পঢ়কঃ AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ

বায়ুসেনাই ইতিমধ্যেই সমগ্ৰ অঞ্চলটো ইলেকট্ৰ'নিক,ইলেকট্ৰ-অপ্টিকেল,ৰাডাৰ আৰু ইনফ্ৰাৰেদ চেন্সৰ ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলাইছে ৷ টাৰেইন স্কেনিং ডিভাইছযুক্ত নৌসেনাৰ P8I বিমানৰ উপৰিও ইছৰোৰ ৰাডাৰ ইমেজিং ছেটেলাইট(ৰিছাট) আৰু কাৰ্টোছাট উপগ্ৰহৰে সমগ্ৰ অঞ্চলটো স্কেন কৰা হৈছে ৷ কিন্তু বৰ্তমানেও কোনো ধাতৱ পদাৰ্থ বিছাৰি উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷ ইয়াৰ উপৰিও বিমানখনত থকা ইমাৰজেন্সি লোকেটৰ ট্ৰান্সমিটাৰ বিকনছৰ পৰা ৰেডিঅ' ছিগনেল লাভ কৰাটো ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷

অধিক পঢ়কঃ ক'ত হেৰাল বায়ুসেনাৰ AN 32ৰ বিমান ?

আনহাতে বতৰৰ প্ৰতিকূলতাৰ বাবে বায়ুসেনাৰ বিমান তথা হেলিকপ্টাৰ আৰু কোৱাডকপ্টাৰৰ লগতে ইউএভিৰ চালনাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী বাহিনী ৷ উদ্ধাৰকাৰ্যত বায়ুসেনাৰ পাইলটে হেলমেট মাউন্টেদ নাইট ভিজন ডিছপ্লেৰ লগতে ইনফ্ৰাৰেদ স্কোপছ আৰু থাৰ্মেল ইমেজাৰ ব্যৱহাৰ কৰিছে যদিও সকলো ব্যৰ্থ হৈছে ৷

অষ্টমদিনা উদ্ধাৰ অভিযানত অংশ লৈছে বায়ুসেনাৰ MI-17 হেলিকপ্টাৰে ৷ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা তাটু আৰু খাম্বা পাহাৰলৈ উৰা মাৰিছে ৷ ইতিমধ্যে মেচুকা,আল',তাটু আৰু খাম্বাত উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে সেনাকে ধৰি আইটিবিপি আৰু অৰুণাচলৰ অসামৰিক প্ৰশাসনৰ লগতে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details