অসম

assam

ETV Bharat / state

গোৱালপাৰা, নগাঁও আৰু শোণিতপুৰত স্বাধীনতা দিৱস উদযাপন - আঙুৰলতা ডেকা

সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ নেহৰু মৈদানতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰেচম আৰু হস্ততাঁত বয়ন তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷

74th indepandence_day
গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰতো স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2020, 12:58 PM IST

Updated : Aug 15, 2020, 5:01 PM IST

নিউজ ডেস্ক, 15 আগষ্ট : গোৱালপাৰা জিলা প্ৰশাসনে চহৰ খনৰ জেটিএছ খেলপথাৰত আয়োজন কৰা দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূশন চৌধুৰীয়ে । কৰ‘ণা মহামাৰীৰ বাবে এইবেলি স্বাধীনতা দিৱসৰ কাৰ্যসূচী সংকুচিত কৰাৰ লগতে মাৰ্চপাছত মাথো আৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দলে অংশ গ্ৰহণ কৰে ।

গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰতো স্বাধীনতা দিৱস উদযাপন
গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰতো স্বাধীনতা দিৱস উদযাপন
তেজপুৰ: সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ নেহৰু মৈদানতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰেচম আৰু হস্ততাঁত বয়ন তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷ কৰ'ণা মহামাৰীৰ বাবে এই বাৰ স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰে শোণিতপুৰ জিলা প্ৰশাসনে । মন্ত্রী দত্তক সহযোগিতা কৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ফাৰুক আলম আৰু আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তই ।
গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰতো স্বাধীনতা দিৱস উদযাপন

ভাষণ প্ৰসংগত মন্ত্ৰী দত্তই কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়ন ৰ কাৰণে বহুতো অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা আৰু কৰ'না সংক্ৰমণৰ ফলত হোৱা লকডাউনৰ মাজতে সীমাবদ্ধ ভাবে উন্নয়নৰ কাম কৰি আহিছে । ৰাজ্যত স্বাস্থ্য খণ্ডত বহুতো উন্নয়ন সাধন হৈছে আৰু শিক্ষা খণ্ডত বহুতো বিদ্যালয় নতুনকৈ নিৰ্মান কৰা হৈছে । সংখ্যালঘু উন্নয়ন ৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে । বান পানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান ৰ ব্যৱস্থা চৰকাৰে কৰিছে জিলা সমূহৰ প্ৰশাসনৰ জৰিয়তে । ৰেচম বিভাগত শোণিতপুৰ জিলাত বিভিন্ন ক্ষেত্ৰৰ লোকক স্বাৱলম্বী হোৱাকৈ এৰি পলু যোগান ধৰিছে ।মন্ত্ৰী দত্তই ইয়াৰ পিছতে স্বাধীনতা দিৱস মাৰ্চপাছৰ অভিবাদন গ্ৰহণ কৰে । এই বছৰ মাত্ৰ কেইটামান আৰক্ষী বাহিনীৰ গোটে এই মাৰ্চপাছ ত অংশ গ্ৰহণ কৰে অসম আৰক্ষী, আই টি বি পি ,আৰু অসম আৰক্ষীৰ বেণ্ডৰ জৰিয়তে এই মাৰ্চ পাছৰ সামৰণি পৰে । কোনো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এই মাৰ্চপাছত অংশগ্ৰহণ কৰা ৰ পৰা বিৰত থাকে । আনহাতে দৰ্শকৰ শাৰীত কোনো লোকক এই পতাকা উত্তোলন কাৰ্যসূচীত প্ৰৱেশ নিষিদ্ধ কৰে ।

উল্লেখ্য যে, স্বাধীনতা আন্দোলনত অৰিহণা যোগোৱা ঢেকীয়াজুলিৰ শ্বহীদ সকলৰ মূৰ্তিত ভাৰতীয় সেনাবাহিনীৰ এটা দলে শ্ৰদ্ধাঞ্জলি জনাই বেণ্ড পৰিৱেশন দৃশ্য শ্ৰৱ্যৰ জৰিয়তেই পৰ্দাত প্ৰদৰ্শন কৰে ।

নগাঁও: আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বটদ্ৰৱাতো বিধায়িকা আঙুৰলতা ডেকাই জাতীয় পতাকা উত্তোলন কৰি প্ৰতি গৰাকী বীৰ শ্বহীদৰ লগতে প্ৰতি গৰাকী ক'ভিড যোদ্ধালৈ শ্ৰদ্ধা আৰু উৎসাহ জনায়। বটদ্ৰৱাৰ জামুগুৰিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়িকাগৰাকীয়ে দেশপ্ৰেমমূলক গীত গায়ো দেশৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনায় ৷

গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰতো স্বাধীনতা দিৱস উদযাপন

লগতে পঢ়ক : অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰা আৰু আমিনগাঁৱত পালন স্বাধীনতা দিৱস

Last Updated : Aug 15, 2020, 5:01 PM IST

ABOUT THE AUTHOR

...view details