অসম

assam

ETV Bharat / state

ৰাজ্যত আৰম্ভ হ’ল ৭২তম বন মহোৎসৱ - বনমন্ত্ৰী

1 জুলাইৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ’ল ৭২ তম বন মহোৎসৱ ৷ এই অনুষ্ঠানৰ অংশ হিচাপে 1 জুলাইৰ পৰা অনাগত 7 জুলাইলৈ সমগ্ৰ ৰাজ্যত চলিব গছপুলি ৰোপন কাৰ্যসূচী ৷

72th bon mohotsav started acrooss assam thursday onwards
ৰাজ্যত আৰম্ভ হ’ল ৭২তম বন মহোৎসৱ

By

Published : Jul 1, 2021, 10:05 PM IST

নিউজ ডেস্ক, ১ জুলাই : 1 জুলাই বৃহস্পতিবাৰৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ’ল ৭২তম বন মহোৎসৱ(72th bon mohotsav) ৷ ১ জুলাই পৰা ৭ জুলাই তাৰিখলৈকে চলিব লগীয়া এই বন মহোৎসৱত সমগ্ৰ ৰাজ্যতে চলিব গছপুলি ৰোপন কাৰ্যসূচী ৷ বৃহস্পতিবাৰে, গুৱাহাটীৰ নিকটৱৰ্তী গড়ভঙা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ দ্বাৰা আয়োজিত সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী(week long plantation activity) উদ্বোধন কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য(forest minister Parimal Shuklabaidya)ই সকলো ৰাইজক এই বন উৎসৱত ভাগ লৈ ৰাইজক বৃক্ষৰোপণক নিজৰ জীৱন-শৈলীৰ এক অৱিচ্ছিন্ন অংশ হিচাপে গণ্য কৰি এক নিয়মিত অভ্যাসৰূপে গঢ় দিবলৈ অনুৰোধ জনায় ৷

৭২তম বন মহোৎসৱ উপলক্ষে গছপুলি ৰোপন কাৰ্যসূচী

তেজপুৰত আৰম্ভ হ’ল সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী :

বৃহস্পতিবাৰৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে তেজপুৰতো ৭২ সংখ্যক বন মহোৎসৱ আৰম্ভ হ’ল । শোণিতপুৰ জিলাৰ অন্তর্গত ঘোঁৰামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সৌজন্যত অনুষ্ঠিত ৭২তম বন মহোৎসৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি অসমৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই মন্তব্য কৰে যে, অসমত বিগত ৫ বছৰত দহ কোটি গছপুলি ৰোপন কৰাৰ ফলত অসমৰ সেউজ ভূমিৰ সংখ্যা বৃদ্ধি পাইছে । অনাগত ৫ বছৰত ইয়াৰ সংখ্যা দুগুণ কৰা লক্ষ্য স্থিৰ কৰা হৈছে ৷

নগাঁও জিলাতো শুভাৰম্ভণি কৰা হ’ল ৭২তম বন মহোৎসৱৰ :

কঠীয়াতলি বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত বন মহোৎসৱ উদযাপন

নগাঁও জিলাৰ বন সংমণ্ডলৰ অন্তৰ্গত কঠীয়াতলি বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত কন্দলী পাহাৰৰ গাভৰুজুৰিত বৃহস্পতিবাৰে, ৭২ তম বন মহোৎসৱ অনুস্থিত কৰা হয় । বন মহোৎসৱ উপলক্ষে গছ পুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

উল্লেখ্য যে, কন্দলীৰ গাভৰুজুৰিৰ বনভূমিত ৬৫০ হেক্টৰ ভূমিত গছপুলি ৰোপন কৰাৰ প্ৰস্তুতি হাতত লৈছে বন বিভাগে । এই অনুষ্ঠান উপলক্ষে বিভিন্ন প্ৰজাতিৰ পোন্ধৰ শ গছপুলি ৰোপন কৰাৰ লগতে অঞ্চলটোৰ প্ৰতিটো পৰিয়ালক দুটিকৈ সাঁচি গছৰ পুলি বিতৰণ কৰা হয় ।

লগতে পঢ়ক :অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details