তেজপুৰ, 28 ছেপ্টেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ কাঞ্চনজঙ্ঘা ছাত্ৰ নিবাসৰ 7 গৰাকী ছাত্ৰৰ দেহত পোৱা গৈছে কভিড-১৯ ৰ অৱস্থিতি । ৰাজ্য চৰকাৰৰ নতুন SOP য়ে শিথিলতা অনাৰ পাচতে খোলা হৈছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাৰ লগতে হোষ্টেল সমূহ ।
অসুস্থ হৈ থকা কেইবাগৰাকী ছাত্ৰক যোৱা ২৬ ছেপ্টেম্বৰত ডেকাৰগাঁও কভিড কেয়াৰ চেন্টাৰত ক'ভিড পৰীক্ষা কৰাত তিনি গৰাকীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি পোৱা যায় ৷ আনহাতে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে উষা হোষ্টেলৰ ১৫০ গৰাকীক ক'ভিড পৰীক্ষা কৰাত পুনৰ চাৰি গৰাকীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷
লগতে পঢ়ক:19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান