তেজপুৰ, ৮ ফেব্ৰুৱাৰী: সমাপ্ত হ’ল অৰুণাচল প্ৰদেশৰ কামেঙত নিৰুদ্দিষ্ট হোৱা ভাৰতীয় সেনাৰ ৭ জন জোৱানৰ সন্ধানত চলোৱা উদ্ধাৰ অভিযান ৷ অভিযান কালত উদ্ধাৰ হ’ল ভাৰতীয় সেনাৰ সাতটা মৃতদেহ হোৱা বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা পিআৰঅ' লেফটেনেণ্ট কৰ্ণেল হৰ্ষ ৱাৰেহাম লেন্সে (7 Indian Army trooper killed during avalanche in Arunachal, bodies recovered) ৷ ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত কৰ্মৰত অৱস্থাত সাতজন ভাৰতীয় সেনা হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷
ভূপৃষ্ঠৰ পৰা ১৪৫০০ ফুট উচ্চতাত প্ৰচণ্ড তুষাৰপাতত আবদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ দলটোৰ সন্ধানত সোমবাৰৰ পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান (High Altitude area of Kameng Sector in Arunachal Pradesh) ৷ তদুপৰি এন ডি আৰ এফ ৰ তিনিজনীয়া উন্নত প্ৰযুক্তিৰ কাৰিকৰী দল সাজু কৰি ৰখা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে এয়াৰ লিফ্ট কৰিব পৰা নাছিল ।
প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে জনায় যে, প্ৰচণ্ড তুষাৰপাতৰ মাজত আবদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ এটা ৭ জনীয়া তহলদাৰী দলটোক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ তৰফৰ পৰা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ লগতে এয়াৰলিফ্টৰে অতিৰিক্ত সেনা বাহিনীৰ লোকক প্ৰেৰণ কৰা হৈছিল ।