ৰঙাপাৰা,16 জানুৱাৰী: দেশবাসীক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সুৰক্ষা সীমান্ত বল চমুকৈ "এছ এছ বি"য়ে ৷ প্ৰচণ্ড শীত, ঘন কুঁৱলীৰ বাধা নেওচি আৰু ক'ভিড-19 প্ৰটক'লৰ নীতি-নিয়ম মানি শনিবাৰে শোণিতপুৰৰ দেবেন্দ্ৰ নগৰত থকা 68 নং বেটেলিয়নে চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে পালন কৰে ৷ শিৱিৰৰ পেৰেড কমাণ্ডাৰ প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত জোৱানসকলে খেলপথাৰত পেৰেড কৰে ৷ পেৰেডত অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি তথা "এছ এছ বি"ৰ তেজপুৰ কাৰ্যালয়ৰ মহা পৰিদৰ্শক পি কে গুপ্তাই ৷
উল্লেখ্য যে, দিৱসটিত আদৰণি ভাষণ প্ৰদান কৰে 68 নং বেটেলিয়নৰ কমাণ্ডাৰ মধুকৰ অমিতাভে ৷ ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বেটেলিয়নত থকা জোৱানসকলৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা ৷