অসম

assam

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 3:22 PM IST

ETV Bharat / state

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন, শোভাযাত্ৰাত জিলিকিল জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি

Assam Natya Sanmilan: বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন । অধিৱেশনৰ আজি দ্বিতীয়টো দিন । দ্বিতীয়তো দিনত উত্তোলন কৰা হয় অসম নাট্য সন্মিলনৰ ৬২ খন পতাকা । উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ।

62nd Tezpur Session of Assam Natya Sammelan
অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন

তেজপুৰ,১৮ জানুৱাৰী:বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশনৰ আজি দ্বিতীয় দিন । দ্বিতীয় দিনটোত তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ 'জ্যোতি-বিষ্ণু ক্ষেত্ৰ' ত এক দৃষ্টিনন্দন পৰিৱেশৰ মাজত উত্তোলন হ'ল ৬২ খনকৈ অসম নাট্য সন্মিলনৰ পতাকা । কেন্দ্ৰীয় সমিতিৰ সভাপতি কুমাৰ দীপক দাসক অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অভিবাদনেৰে পতাকা উত্তোলনস্থলীলৈ আগবঢ়াই অনা হয় ।

ইয়াৰ পিচতেই অভ্যৰ্থনা সমিতিৰ আন এগৰাকী যুটীয়া সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে শুভেচ্ছামূলক আদৰণি ভাষণ প্ৰদান কৰে । লগে লগে অসম নাট্য সন্মিলনৰ পতাকা উত্তোলনী গীতৰ মাজেৰে সভাপতি কুমাৰ দীপক দাসে মূল পতাকা উত্তোলন কৰাৰ লগতে আন নিৰ্বাচিত বিশিষ্ট ব্যক্তি সকলেও উত্তোলন কৰে ৬১ খনকৈ পতাকা । পতাকা উত্তোলন কৰি সভাপতি কুমাৰ দীপক দাসে তেজপুৰে অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিছে বুলি কৈ ভাষণ প্ৰসংগত অসম নাট্য সন্মিলনৰ ইতিহাস স্মৰণ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত পৰিৱেশন কৰে ।

উল্লেখ্য যে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মৃগেন চন্দ্র বড়া, অভ্যৰ্থনা সমিতিৰ সভা-সমিতি পৰিচালনা সমিতিৰ সভাপতি পংকজ বৰুৱা আৰু অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদকে আঁতধৰা এই পতাকা উত্তোলনী কাৰ্যসূচীত পতাকা উত্তোলক হিচাপে কেন্দ্ৰীয় সমিতিৰ একাংশ বিষয়ববীয়াৰ লগতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

ইয়াৰ পিছতেই অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মাণিক গোস্বামীয়ে স্মৃতি তৰ্পণ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰে অসম নাট্য সন্মিলনৰ উপসভাপতি বসন্ত বৰ্মণ, মৃগেন চন্দ্র বড়া, হৰেকৃষ্ণ দাস, শ্যাম সুন্দৰ খাউণ্ড আৰু কোষাধক্ষ জয়ন্ত হাজৰিকাই । আনহাতে ইয়াৰ পিছতেই অধিৱেশনৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰি তোলে ৰাইজক । তেজপুৰৰ বিধায়ক, বিশিষ্ট নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে এই বাৰেৰহনীয়া শোভাযাত্ৰা ।

লগতে পঢ়ক:বাক্সাত অনুষ্ঠিত ইণ্ডো-ভূটান বন্ধুত্ব মেলা

ABOUT THE AUTHOR

...view details