তেজপুৰ, ২২ আগষ্ট :মণিপুৰত হিংসা নিয়ন্ত্ৰণৰ যেন নামেই নোলোৱা হৈছে । অশান্তজৰ্জৰ ৰাজ্যখনত সামগ্ৰিকভাৱে যদিও হিংসাত্মক কাৰ্যকলাপ শাম কাটিছে, একে সময়তে পাহাৰীয়া অঞ্চলত এই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে । ২০ আৰু ২১ আগষ্টৰ মাজনিশা ইম্ফল পশ্চিম জিলাৰ লেংগোলত থকা চাৰিটা পৰিত্যক্ত ঘৰ পুনৰ জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে । ইয়াৰ ভিতৰত এটা হৈছে জুপুৰী আৰু আন এটা কমিউনিটী হল । অচিনাক্ত দুষ্কৃতিকাৰীয়ে এই ঘৰ দুটাত অগ্নিসংযোগ কৰে বুলি মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিছে ।
আনহাতে, ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগেই জিলা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে গৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিসংযোগৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে । ইফালে মণিপুৰ আৰক্ষীয়ে নিৰাপত্তা বাহিনীৰ সৈতে অভিযান চলাই বিগত দুটা নিশাত ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং, চুৰাচান্দপুৰ, টেঙনৌপাল, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চল ইম্ফল পূবৰ পৰা ৭ টা অস্ত্ৰ আৰু ৮১ ৰাউণ্ড গুলী উদ্ধাৰ কৰে ।
কাংপকপি আৰু টেংগনৌপাল জিলাৰ লগতে মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১২৯ টা নাকা/তালাচী চকী স্থাপন কৰে আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত ১৩৬৯ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰে । আনহাতে, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে সন্ধিয়া এক সংবাদমেলযোগে অভিযোগ উত্থাপিত কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰে মণিপুৰৰ বিধানসভাৰ অধিবেশন আহ্বান কৰিবলৈ অস্বীকাৰ কৰাটোৱে গণতন্ত্ৰক উপহাস কৰিছে । ই হৈছে মণিপুৰত সাংবিধানিক ব্যৱস্থাৰ পতনৰ আন এক প্ৰমাণ ।