অসম

assam

ETV Bharat / state

5 ৰহিঙ্গীয়াক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ যাৱতীয় প্ৰস্তুতি সমাপ্ত

অহা 1 জুনত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত থকা 5 জন ৰহিঙ্গীয়াক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰা হ'ব ৷ মণিপুৰৰ মৰেহৰ পৰা তেওঁলোকক প্ৰত্যাৱৰ্তনৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই ৷

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

By

Published : May 20, 2019, 3:49 PM IST

তেজপুৰ, ২০ মে': সম্প্ৰতি অসমৰ বিভিন্ন কাৰাগাৰৰ ডিটেনচন কেম্পত বহুতো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ লগতে ম্যানমাৰৰ ৰহিঙ্গীয়া অনুপ্ৰৱেশকাৰীৰ সংখ্যাও বৃদ্ধি পাই আহিছে । শেহতীয়াকৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত থকা 5 জন ৰহিঙ্গীয়াক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ যাৱতীয় প্ৰস্তুতি সমাপ্ত হৈ উঠিছে ৷ অহা 1 জুনত মণিপুৰৰ মৰেহৰ পৰা তেওঁলোকক প্ৰত্যাৱৰ্তন কৰাৰ কথা উল্লেখ কৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই ৷

5 ৰহিঙ্গীয়াক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ যাৱতীয় প্ৰস্তুতি সমাপ্ত

উল্লেখ্য যে, তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত বৰ্তমান 10 জন ম্যানমাৰ ৰহিঙ্গীয়া আছে যদিও 5 জনকহে প্ৰত্যাৱৰ্তন কৰা হ'ব ৷ ইয়াৰোপৰি বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলৰ প্ৰত্যাৱৰ্তনৰো যো-জা চলি আছে কাৰাগাৰত ৷

ABOUT THE AUTHOR

...view details