অসম

assam

ETV Bharat / state

4G Service Starts in Indo-China Border: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী 1,683 খন গাঁৱত সংযোগ 4G ম’বাইল সেৱা - 4G Service Starts in Indo China Border

এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত উপলব্ধ হ’ব 4G ম’বাইল সেৱা ৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ বাবে উপলব্ধ কৰাইছে 4G ম’বাইল নেটৱৰ্ক (4G Service Starts in Indo-China Border) ৷

4G Service Starts in Indo-China Border
ভাৰত-চীন সীমান্তৱৰ্তী 1,683 খন গাঁৱত সংযোগ 4জি ম’বাইল সেৱা

By

Published : May 17, 2023, 6:16 PM IST

তেজপুৰ, 17 মে' : এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত উপলব্ধ হ’ব 4G ম’বাইল সেৱা ৷ সীমান্তৱৰ্তী অঞ্চলত উন্নত যোগাযোগৰ সুবিধাৰ বাবে উপলব্ধ কৰা হৈছে এই ব্যৱস্থা ৷ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণ এতিয়াৰে পৰা অসুবিধাৰ সন্মুখীন নহয় ম’বাইল অথবা ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত ৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ বাবে উপলব্ধ কৰাইছে 4G মোবাইল নেটৱৰ্ক (4G Service Starts in Indo-China Border) ৷

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী দুৰ্গম এলেকাত সংযোজিত কৰা হৈছে এই 4G ম’বাইল নেটৱৰ্ক ৷ বিগত এপ্ৰিল মাহৰ পৰা ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী গাঁও সমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে আগবাঢ়াইছে এই সেৱা ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে জনায় যে বিগত এপ্ৰিল মাহত ৰাজ্যখনৰ মুঠ 336 খন গাঁৱত 254 টা 4G ম’বাইলৰ টাৱাৰ স্থাপন কৰা হৈছে ৷ আনহাতে 1,683 খনসীমান্তৱৰ্তী গাঁৱক 4G নেটৱৰ্কৰে সংযোগ কৰা হৈছে (4G Service Starts in 1683 Villages) ৷

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ প্ৰথমখন গাঁও ৱাচা গাঁৱত বৰ্তমান মোবাইল টাৱাৰ সংযোগ স্থাপন কৰা হৈছে ৷ সীমান্তবাসীৰ লগতে সুৰক্ষা কৰ্মীয়ে লাভ কৰিছে অত্যাধুনিক 4G ম’বাইল সেৱা (4G Service Starts At India China Border) ৷ ইয়াৰ পূৰ্বে ভাৰত-চীন সীমান্তত থকা ৱাচা গাঁও, কিবিঠু অদি অঞ্চলত পূৰ্বে নাছিল কোনো ধৰণৰ ম’বাইল নেটৱৰ্ক ৷ আঞ্জাও জিলাৰ সীমান্তৱৰ্তী এই অঞ্চলত ৱালংৰ নিৰ্দিষ্ট এলেকাৰ বাহিৰত কোনো ধৰণৰ ম’বাইল সংযোগ উপলব্ধ নাছিল ৷ 4G ম’বাইল সেৱা লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি সীমান্তৰ প্ৰথম গাঁৱৰ পৰা মুখ্যমন্ত্ৰী লৈ ভিডিঅ’ কল কৰি বাৰ্তালাপ কৰে গাঁওবাসীয়ে ৷ উন্নত যোগাযোগৰ ক্ষেত্ৰত ভাৰত-চীন সীমান্তৱৰ্তী এলেকাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সংযোগ বুলি মন্তব্য কৰিছে অঞ্চলবাসী ৰাইজে (India China Border) ৷

লগতে পঢ়ক:Masterchef Nayanjyoti Saikia: উত্তৰ-পূবৰ খাদ্যক সম্ভাৰ বিশ্ব দৰবাৰত জনপ্ৰিয় কৰাৰ সপোন নয়নজ্যোতি শইকীয়াৰ

ABOUT THE AUTHOR

...view details