তেজপুৰ,১১ নৱেম্বৰ:অসম আৰু অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন । বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী (Birth anniversary of Lachit Borphukan) উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত 'ৰেপাৰটৰী'ৰ উদ্যোগত ‘‘জাতিৰ বাবে ৩০ মিনিট’’ শীৰ্ষক সজাগতা অভিযানৰ আযোজন ৷ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শুকুৰবাৰে আৰম্ভ কৰা হয় এই অনুষ্ঠান (400th birth anniversary of lachit borphukan) ।
শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুকুৰবাৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক বীৰ লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ দিয়ে । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে প্ৰথম বাৰৰ বাবে 'ৰেপাৰটৰী'ৰ উদ্যোগত নয়নজ্যোতি ভট্টাচাৰ্যৰ মূল উপন্যাস লাচিত বুৰঞ্জী লিখা তৰোৱালৰ আধাৰত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ, পৰিকল্পনা আৰু পৰিচালনাৰে মুক্তাংগত তেজপুৰ হজৰাপাৰ ষ্টেডিয়ামত দুদিনীয়াকৈ মঞ্চস্থ কৰিব নাটকখন ।
শুকুৰবাৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত লাচিত বৰফুকনৰ জীৱন গাঁথাৰ আধাৰত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে বুলি উপায়ুক্তই জনায় । উল্লেখযোগ্য যে, অসম চৰকাৰৰ তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত জুন মাহত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু প্ৰত্যেকজন ব্যক্তিকে লাচিত বৰফুকনৰ বিষয়ে কিঞ্চিৎ লিখাৰ আহ্বান জনাইছিল ৷ তাৰ আধাৰতে এইবাৰ সমগ্ৰ ৰাজ্যতে লাচিত বৰফুকনৰ বিষয়ে সকলোকে সজাগতা সৃষ্টিৰ আৰম্ভণি কৰে ।
আনহাতে, আজি ছাত্ৰ ছাত্ৰী সকলক লাচিত বৰফুকনৰ বিষয়ে অৱগত কৰি বিশিষ্ট শিক্ষাবিদ লেখক তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড৹ প্ৰাণজিৎ হাজৰিকাই কয় যে, ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিখ্যাত লোক সকলে যেনেদৰে স্বীকৃতি লাভ কৰিছে অসমৰ লাচিত বৰফুকনৰ বিষয়ে সিমান লোকে জানিবলৈ সক্ষম হোৱা নাই । একমাত্ৰ তদানীন্তন অসমৰ ৰাজ্যপাল প্ৰয়াত লে. জেনেৰেল এছ .কে. সিন্হাই পুনৰ ডিফেঞ্চ একাডেমীত লাচিত বৰফুকনৰ নামত এটি পুৰস্কাৰ প্ৰদান কৰিছিল (Defence award in memory of Lachit Barphukan) ৷ পৰৱৰ্তী সময়ত তাত লাচিত বৰফুকনৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হয় বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক:MP Dilip Saikia at Raas mahotsav: ৰাস মহোৎসৱত মঞ্চ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ