অসম

assam

By

Published : Jun 7, 2021, 11:00 PM IST

ETV Bharat / state

মনাই চাহ বাগিচাত নদুৱাৰ আটছাৰ ৩৩ তম শ্বহীদ দিৱস পালন

মনাই চাহ বাগিচাত আটছাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয় ৷ শ্বহীদ দিৱস উপলক্ষে বাগিচাৰ শ্ৰমিক বিনোদন ভৱন প্ৰাংগনত ৰূপায়ন কৰা হয় বৃক্ষৰোপন কাৰ্যসূচীও ৷

33-rd-mytyrs-day-celebrated-at-monai-tea-estate
মনাই চাহ বাগিচাত নদুৱাৰ আটছাৰ ৩৩ তম শ্বহীদ দিৱস পালন

চতিয়া,৭ জুন: চতিয়া সমষ্টিৰ অন্তৰ্গত মনাই চাহ বাগিচাত সোমবাৰে নদুৱাৰ শাখা আটছাৰ উদ্যোগত শ্বহীদ দিৱস পালন ৷ নদুৱাৰ শাখা আটছাৰ সম্পাদক গ্ৰীনন্দৰ কুৰ্মীয়ে আঁ‌ত ধৰা অনুষ্ঠানটিত সংগঠনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজে । বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰে অংশ গ্ৰহণ কৰা শ্বহীদ দিৱস অনুষ্ঠানৰ শ্বহীদ তৰ্পণ কৰে নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীয়ে ।

মনাই চাহ বাগিচাত নদুৱাৰ আটছাৰ ৩৩ তম শ্বহীদ দিৱস পালন

সম্পূৰ্ণ ক'ভিড বিধি পালন কৰি মনাই চাহ বাগিচাৰ শ্ৰমিক বিনোদন ভৱন প্ৰাংগণত নদুৱাৰ আটছাৰ শ্বহীদ দিৱস উপলক্ষে বৃক্ষ ৰোপন কাৰ্যসূচীও সম্পন্ন কৰে । অনুষ্ঠানত নদুৱাৰ শাখা আটছাৰ উপসভাপতি লক্ষীনাথ ভূঞা, সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মীসহ দিকৰাই উপ-শাখা আটছাৰ সভাপতি ভগত তাঁ‌তী, বিত্ত সম্পাদক কেশৱ ভুমিজৰ লগতে কেইবাগৰাকী আটছা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details