তেজপুৰ, ৩ মে': আজি বিশ্ব প্ৰেছ দিৱস (World Press Day) । ইয়াৰ লগত সংগতি ৰাখি আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে বিশ্ব প্ৰেছ দিৱস উদযাপন কৰে (World Press Day celebrated at Tezpur University)। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ মে' দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস অথবা বিশ্ব প্ৰেছ দিৱস হিচাবে ঘোষণা কৰাৰ পাচত বিশ্বজুৰি এই দিৱস পালন কৰি অহা হৈছে ৷ এই দিৱসৰ উদ্দেশ্য হ'ল সংবাদ মাধ্যমৰ স্বাধীনতাৰ সম্পৰ্কত সজাগতা সৃষ্টি আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সন্দৰ্ভত চৰকাৰক সোঁৱৰাই দিয়া ৷
ভাৰতবৰ্ষতো প্ৰতি বছৰে পালন কৰি অহা হৈছে বিশ্ব প্ৰেছ দিৱস ৷ বৃহস্পতিবাৰে ৰাজ্যৰ আন কেইবাটাও স্থানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো ৩০ সংখ্যক বিশ্ব প্ৰেছ দিৱস পালন কৰা হয় (30th World Press Day) ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে 'Column: The Fouth Pillar'ৰ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে উক্ত দিৱস পালন কৰে (30th World Press Day observed in World) ৷
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে বিভাগটোৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই ৷ ভাষণৰ জৰিয়তে অধ্যাপক বৰাই প্ৰশ্ন কৰিবলৈ ভয় নকৰাৰ লগতে মুক্তমনে মনৰভাৱ প্ৰকাশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিবিচি নিউজৰ এচিয়া পেচিফিকৰ সম্পাদকীয় নেতৃত্ব শচীন গগৈ (Editorial lead of Asia Pacific at BBC Sachin Gogoi) । তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শচীন গগৈ ৷