অসম

assam

ETV Bharat / state

Children Science Congress in Tezpur : তেজপুৰত ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা

শুকুৰবাৰৰ পৰা তেজপুৰত আৰম্ভ হৈছে ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা (Children Science Congress in Tezpur)৷ শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদে ৷

Children Science Congress in Tezpur
তেজপুৰত ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা

By

Published : Dec 17, 2022, 9:05 PM IST

তেজপুৰত ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা

তেজপুৰ, ১৭ ডিচেম্বৰ : অসমৰ এশখন গাঁৱক অচিৰেই গঢ়ি তোলা হ'ব ‘জলবায়ু ৰূপান্তৰ গাঁও’ হিচাবে ৷ উক্ত গাঁওকেইখনক একোখনকৈ আদৰ্শ গাঁও হিচাবে চিহ্নিত কৰা হ'ব ৷ ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা ২৩ টা বিজ্ঞান কেন্দ্ৰৰ ৫ টা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ তাৰোপৰি মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধানতো গুৰুত্ব আৰোপ কৰা হৈছে ৷ তেজপুৰত অনুষ্ঠিত ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলাত উপস্থিত হৈ এই কথা উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta in Tezpur)৷

উল্লেখ্য যে, তেজপুৰৰ নেহৰু ময়দানত শুকুৰবাৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ত্ৰয়োদশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা (Children Science Congress in Tezpur)৷ শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত ৷ অসম চৰকাৰৰ স্বাস্থ্যকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনত বিজ্ঞান কেন্দ্ৰ স্থাপনৰ লগতে জলবায়ু ৰূপান্তৰিত আদৰ্শ গাঁও নিৰ্মাণৰ কথা উল্লেখ কৰি তেজপুৰতো জিলা পৰ্যায়ৰ এটা বিজ্ঞান কেন্দ্ৰ খোলাৰ কথা সদৰী কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি আগন্তুক দিনত আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ভাৰতবৰ্ষত ১৯৯৩ চনত আৰম্ভ হোৱা শিশু বিজ্ঞান সমাৰোহে এইবেলি ত্ৰয়োদশ বৰ্ষত ভৰি দিছে ৷ ৰাজ্যৰ ৩১ খন জিলাৰ ছাত্ৰ প্ৰতিনিধি তথা শিক্ষক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আয়োজিত ৰাজ্যিক পৰ্যায়ৰ এই বিজ্ঞান মেলাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তকে ধৰি শিক্ষা আৰু বিজ্ঞান শিক্ষাৰ লগত জড়িত কেবাগৰাকী চৰকাৰী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে ৷

শনিবাৰে পুৱা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে শুভাযাত্ৰা বাহিৰ কৰাৰ পাছত দিনজোৰা কাৰ্যসূচীৰে অব্যাহত থাকে ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান মেলা ৷ ইফালে, এই সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰীয়ে অসমৰ বাতাবৰণৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞানতকৈ কলা অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হয় বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, এই সমাৰোহ আৰু বিজ্ঞান মেলাত ডেৰাডুনৰ মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী অধ্যাপক কুনাল কুমাৰ দাস, যোৰহাট নিষ্টৰ(North East Institute Of Science And Technology) ড৹ মন্টু ভূঞা, তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) ভাৰপ্ৰাপ্ত উপাচাৰ্য, বিশিষ্ট বিজ্ঞানী ড৹ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী অধ্যাপক মোহন চন্দ্ৰ কলিতা, আই আই টি গুৱাহাটীৰ অধ্যাপক ড৹ দেৱাশীষ বৰাকে ধৰি দেশৰ ১০ গৰাকীকৈ বিশিষ্ট বিজ্ঞানীয়েও অংশগ্ৰহণ কৰিব ।

আনহাতে এই ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহৰ কাৰ্যসূচীৰ সমান্তৰালকৈ তেজপুৰৰ নেহৰু ময়দানতো অনুষ্ঠিত হয় ৰাজ্যিক বিজ্ঞান মেলা (State Science Fair in Tezpur)৷ উক্ত বিজ্ঞান মেলাত ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে জড়িত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা ৩০ খনকৈ বিপনীত বিজ্ঞানৰ বিভিন্ন দিশৰ প্ৰদৰ্শনীৰ সমান্তৰালভাৱে বিজ্ঞান বিষয়ক বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব ।

বিজ্ঞান মেলাৰ প্ৰদৰ্শনীত গুৱাহাটী খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ বায়টেক পাৰ্ক, এন ই এছ এ চি, ভাৰত জন বিজ্ঞান যাথা, টোকলাই চাহ গৱেষণা সংস্থা, চেন্টাৰ অব্ প্লাজমা ফিজিক্স, ইনষ্টিটিউট অৱ প্লাজমা ৰিছাৰ্ছ, আই এ এছ এছ টি, তেজপুৰ বিশ্ববিদ্যালয়, কেন এণ্ড বেম্ব টেকনলজি চেন্টাৰ, এ ই ডি এ, এ এচ এচ এ চি, অসম বিজ্ঞান সমিতি, আৰণ্যক, এমট্ৰণ, স্পাৰ্ক বী আদি অনুষ্ঠান-প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:Ashok Singhal visits water supply projects : খোৱাপানী প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী অশোক সিংঘালে

ABOUT THE AUTHOR

...view details