তেজপুৰ, 30 ছেপ্টেম্বৰ :ভাৰতীয় বায়ু সেনাত সংযোজিত হ'ল 300 এডভান্স লাইট হেলিকপ্টাৰ । বেংগালোৰত ডিৰেক্টৰ জেনেৰেল অব এৰনতিকেলৰ সঞ্চালক ৱাই. কে. শৰ্মাই হেলিকপ্টাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া দক্ষিণ জ'নৰ জি ভি এছ ভাস্কৰক এই হেলিকপ্টাৰ অৰ্পন কৰে ৷
এডভান্স লাইট হেলিকপ্টাৰ মাৰ্ক 1 আৰু মাৰ্ক 4 ৰ এক বিশেষত্ব আছে ৷ 1992 চনৰ 30 আগষ্টৰ পিছত বিশ্বৰ শ্ৰেষ্ঠ হেলিকপ্টাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল এই হেলিকপ্টাৰে ৷ মুখ্য প্ৰবন্ধক আৰ. মেধাৱনে কয় যে, এডভান্স লাইট হেলিকপ্টাৰে কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই ৷