তেজপুৰ, 23 মেঃ বহিঃৰাজ্যৰ পৰা অহা 30 জনীয়া এটি দলক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰৰ সন্মুখৰ পৰা নিজ গৃহলৈ যোৱাৰ অনুমতি আৰক্ষীৰ । এই অভিযোগ উত্থাপিত কৰে পুণেৰ পৰা তেজপুৰত উপস্থিত হোৱা ধেমাজি আৰু লখিমপুৰৰ দুই যুৱকে । পুণেৰ পৰা 17 মে'ত অহা দলটো বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় । যাত্ৰীসকলে স্বেচ্ছাই সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইনত থকাৰ বাবে আগবাঢ়ি আহিছিল । কিন্তু আৰক্ষীয়ে তেওঁলোকক কোৱাৰেন্টাইন চেন্টাৰৰ সন্মুখৰ পৰাই ওভটাই পঠায় । ইয়াৰ উপৰিও তেওঁলোকক শ্ৰীৰামপুৰতো তালাচী অবিহনেই পঠাই দিয়া হৈছিল বুলি জনায় ।
সৰুসজাইত স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে স্ব-গৃহলৈ প্ৰেৰণ 30 লোকক - সৰুসজাইত স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে স্ব-গৃহলৈ প্ৰেৰণ 30 লোকক
বহিঃৰাজ্যৰ পৰা অহা 30 জনীয়া এটি দলক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰৰ সন্মুখৰ পৰা নিজ গৃহলৈ যোৱাৰ অনুমতি আৰক্ষীৰ । পুণেৰ পৰা 17 মে'ত অহা দলটো বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় ।
উল্লেখ্য যে, আৰক্ষীয়ে যুৱকসকলক নিজ নিজ জিলাত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন হ'বলৈ কোৱা বুলি ব্যক্ত কৰে লখিমপুৰৰ ঋতুপন কুলি আৰু ধেমাজিৰ বিৰেন পায়েং নামৰ যুৱক দুজনে ৷ আনহাতে দলটোৱে নিজ ব্যৱস্থাৰে তেজপুৰত উপস্থিত হোৱা বুলিও জনাই যুৱকদ্বয়ে । তেওঁলোকৰ এই বিস্ফোৰক মন্তব্যই কোভিড-19ৰ দায়িত্বত থকা আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে । ইতিমধ্যে তেজপুৰত উপস্থিত হোৱা দুই যুৱকক আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ জৰিয়তে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক- সংবাদমেলৰ জৰিয়তে নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা বিজেপি নেতা দুলেন নায়কৰ