তেজপুৰ, ২ আগষ্ট:মণিপুৰৰ হিংসাত্মক ঘটনাই অতিক্ৰম কৰিলে প্ৰায় তিনিটা মাহ ৷ কিন্তু এই সময়ছোৱাত ৰাজ্যখনত সংঘটিত হ’ল বহু অপ্ৰীতিকৰ ঘটনা ৷ ৰাজ্যখনত সংঘটিত হোৱা হিংসাৰ ফলত কেৱল মানুহ গৃহহীন হোৱা অথবা মৃত্যু হোৱাই নহয়, নিৰুদ্দেশো হৈছে বহু লোক ৷ আনহাতে চিকিৎসালয়ৰ মৰগত পৰি আছে বহু অচিনাক্ত মৃতদেহ ৷ পৰিচয় নোলোৱাৰ বাবে মৃতদেহ গতাই দিয়া হোৱা নাই পৰিয়ালক ৷
৪৭ বছৰীয়া অটম সমৰেন্দ্ৰ সিঙ নামৰ এজন লোক আৰু তেওঁৰ লগত থকা এজন বন্ধু, ৪৮ বছৰীয়া যুমখাইবাম কিৰণকুমাৰ সিং এখন গাড়ীৰে সৈতে ছাহেইবুং নামৰ ঠাইৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ জানিব পৰা মতে দুয়োজনে গাড়ীৰে কাংপকপি জিলাৰ পাদদেশৰ সীমাৰেখাত থকা মণিপুৰ অলিম্পিক পাৰ্কৰ গাতে লাগি থকা ছাহেইবুং অঞ্চললৈ গৈছিল ।
অটম সমৰেন্দ্ৰ সিঙৰ খুড়াক অটম মেঘজিত সিঙে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বার্তাত কয় যে তেওঁৰ ভতিজা আৰু বন্ধুজনৰ বিষয়ে আৰক্ষী থানাত খবৰ লৈ ভাগৰি পৰিছে ৷ দুটা সন্তানৰ পিতৃ অটম সমৰেন্দ্ৰ সিং পূৰ্বতে মণিপুৰ চাংহাই এক্সপ্ৰেছৰ সাংবাদিক আছিল আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাত কৰ্মৰত এগৰাকী সহকাৰী বিষয়া । আনহাতে যুমখাইবাম কিৰণকুমাৰ সিঙো এগৰাকী সাংবাদিক ৷
বৰ্তমান তিনিমাহ ধৰি তেওঁলোকক পৰিয়ালে বিচাৰি হাবাথুৰি খাই আছে । এই দুগৰাকী সাংবাদিক মণিপুৰৰ প্ৰথম নিৰুদেশ হোৱা ব্যক্তি । একমাত্ৰ উপাৰ্জনৰ উৎস থকা ব্যক্তি দুজন নিৰুদ্দেশ হোৱাৰ ফলত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ এই বিষয়ে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অৱগত কৰিছে পৰিয়ালৰ লোকে ৷ অতি কম দিনৰ ভিতৰতে ৰাজ্যপালক পুনৰ সাক্ষাৎ কৰিব দুয়োজনৰ নিৰুদ্দেশ সন্দৰ্ভত । নিৰুদ্দেশ হোৱাৰ তৃতীয় দিনা আৰক্ষী আৰু উক্ত স্থানৰ দায়িত্বত থকা সেনাৰ এটা দলে তেওঁলোকক বিচাৰি অভিযান চলাইছিল কিন্তু কোনো শুংসূত্ৰ লাভ নকৰিলে ৷
ইটিভি ভাৰতৰ আগত তেওঁ আৰু কয় যে মণিপুৰত হিংসাৰ আৰম্ভণিৰ তিনিদিন পিচত অৰ্থাৎ ৬ মে’ত সাংবাদিক, গৱেষক আৰু সমাজকৰ্মী অটম সমৰেন্দ্ৰ সিং আৰু তেওঁৰ বন্ধু নিৰুদ্দেশ হৈছিল ৷ তাৰ পিচত তেওঁলোকৰ কোনো খবৰ নাই ।