তেজপুৰ , ১৪ অক্টোবৰঃ ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঢৌ তুংগত । ভোটাৰৰ ওচৰত নতুন নতুন আঁচনি লৈ উপস্থিত হ'ল নেতা মন্ত্ৰী প্ৰাৰ্থী সকলো ৷ উপ নিৰ্বাচনৰ মুঠ 4 টা সমষ্টিৰ ভিতৰতে অন্যতম হিচাপে পৰিগণিত হৈছে ৰঙাপাৰ সমষ্টি ৷ কিন্তু ৰঙাপৰা সমষ্টিৰ ৰাজগড়, দিকৰাই জান অঞ্চলত বিগত সময়চোৱাত খহনীয়াই জ্বলা কলা খুৱাইছে এই সকল লোকক ৷ জীয়া ভৰলী নদীৰ খহনীয়াত জাহ গৈছে হাজাৰৰো অধিক পৰিয়ালৰ বাসগৃহ ।
জীয়া ভৰলীৰ খহনীয়া ৰোধ কৰিবলৈ কি ব্যৱস্থা ল'ব জনপ্ৰতিনিধিয়ে ? - ৰঙাপাৰ সমষ্টিৰ উপ-নিৰ্বাচন
উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিশ্ৰুতিৰ জোলোঙা লৈ প্ৰাৰ্থী আৰু নেতা সকল উপস্থিত হৈছেগৈ ৰঙাপৰাত ৷ কিন্তু জীয়াভৰলীৰ খহনীয়াই এতিয়াও জীয়াতু ভোগাইছে ৰঙাপৰাবাসী ৰাইজক ৷ জীয়া ভৰলী নদীৰ খহনীয়াত জাহ গৈছে হাজাৰৰ অধিক পৰিয়ালৰ বাসগৃহ ।
![জীয়া ভৰলীৰ খহনীয়া ৰোধ কৰিবলৈ কি ব্যৱস্থা ল'ব জনপ্ৰতিনিধিয়ে ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4748283-thumbnail-3x2-rangapora.jpg)
ৰঙাপৰাত জীয়াভৰলী নদীৰ ব্যাপক খহনীয়া
ৰঙাপৰাত জীয়াভৰলী নদীৰ ব্যাপক খহনীয়া