তেজপুৰ, 28 ছেপ্টেম্বৰঃ অৰুণাচলত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় 4গৰাকীকৈ সেনা জোৱানে ৷ ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ টেঙ্গা ভেলীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷
10 আছাম ৰেজিমেন্টৰ প্ৰাক্তন নায়ক পাচাং মনপা ভাৰতীয় সেনাবাহিনীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ৰাজ্যখনৰ ৰোপাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানলৈ বুলি সেনাৰ বাছেৰে আহি আছিল দলটো ৷ মুঠ 18 গৰাকী লোকক কঢ়িয়াই অনা বাছখনৰ অধিকাংশই সেনাবাহিনীৰ প্ৰাক্তন জোৱান আছিল ৷ টাৱাঙৰ পৰা আহি থকা অৱস্থাত টেঙ্গা ভেলীৰ 18 বি আৰৰ এখন দলঙৰ কাষতে থকা এটা প্ৰকাণ্ড শিলত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় বাছখন ৷
5 গাৰ্ডছ ৰেজিমেন্টৰ প্ৰাক্তন নায়ক ছেৱাং নৰবু দুৰ্ঘটনাটোৰ ফলত বাছখনৰ চালকসহ 4 গৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে 15 গৰাকী লোক আহত হয় ৷ নিহত জোৱানকেইজন সেনা বাহিনীৰ প্ৰাক্তন জোৱান বুলি জানিব পৰা গৈছে ৷ নিহতসকলৰ ভিতৰত সেনাৰ 18 কুমাও ৰেজিমেন্টৰ গাড়ীচালক মুকেশ কুমাৰ যাদৱৰ লগতে 5 গাৰ্ডছ ৰেজিমেন্টৰ প্ৰাক্তন নায়ক ছেৱাং নৰবু, 10 আছাম ৰেজিমেন্টৰ প্ৰাক্তন নায়ক পাচাং মনপা আৰু সেনাৰ প্ৰাক্তন চিপাহী নৰবু লামা বুলি চিনাক্ত কৰিছে সেনাই ৷
সেনাৰ চোৰাংচোৱাৰ প্ৰাক্তন চিপাহী নৰবু লামা আহতসকলক ডাহোঙৰ সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকাৰ লগতে 6 গৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে এগৰাকীৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে যিকোনো মুহূৰ্ততে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ৷ আহতসকলৰ 8 গৰাকীৰ অৱস্থা বৰ্তমানে ঠিকে আছে বুলি জানিবলৈ দিয়ে সেনাৰ কৰ্তৃপক্ষই ৷
অৰুণাচলত সেনাবাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ