তেজপুৰ,31 মে’:ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ সোমবাৰে পুৱা প্ৰায় ৯.৫০ বজাত ৰাজ্যৰ ভিন্ন প্ৰান্তত জোকাৰণি অনুভূত হয় ভূমিকম্পৰ ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৩.৮ আৰু ইয়াৰ গভীৰতা ২৪ কিল’মিটাৰ ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷
পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে ৰাজ্য - 3.8 richter scale earthquake
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পটোৰ প্ৰাবল্য ৩.৮ আৰু অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷
![পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে ৰাজ্য ৰাজ্যত পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11961889-thumbnail-3x2-a.jpg)
ৰাজ্যত পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত
ইতিমধ্যে ৰাজ্যখনত সঘনাই অহা সৰু-সৰু ভূমিকম্পই শংকিত কৰি তুলিছে ৰাজ্যবাসীক ৷ জিলাখনক যোৱা ২৮ এপ্ৰিলৰ পৰা প্ৰায় ৩৩ বাৰকৈ সৰু-বৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় ৷ ফলস্বৰূপে জনসাধাৰণৰ মাজত একপ্ৰকাৰ আতংক সৃষ্টি হৈছে ৷ উল্লেখ্য যে, দেওবাৰে দুপৰীয়া ২.২৩ বজাত ৪.১ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰণি তুলিছিল ৷ দেওবাৰে হোৱা ভূমিকম্পটোৰ পিছৰে পৰা জিলাখনত বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ ৷
লগতে চাওকঃমাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী