তেজপুৰ, ২০ ডিচেম্বৰ:"সু-স্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আঁহা" শীৰ্ষক মূল মন্ত্ৰৰে তেজপুৰত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সোমবাৰে সামৰণি পৰে (State Childrens Science Festival at Tezpur)। এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে অসমৰ বিভিন্ন জিলাৰ ২৮ গৰাকী শিশু বিজ্ঞানী (National Childrens Science Congress at Gujarat)।
উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহ আৰু অসম চৰকাৰৰ ৰাজ্যিক বিজ্ঞান মেলাৰ সোমবাৰে সামৰণি পৰে (Tezpur Government Higher Secondary School)। উক্ত সামৰণি অনুষ্ঠানত ৰাজ্যখনৰ ৩১ খন জিলাৰ পৰা নিৰ্দিষ্ট বিষয়ৰ আৰ্হি প্ৰকল্পৰে অংশ গ্ৰহণ কৰা শিশু বিজ্ঞানী সকলৰ ২৮ গৰাকীকৈ শিশু বিজ্ঞানী ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হয় । শিশু বিজ্ঞানীসকলে প্ৰদৰ্শন কৰা আৰ্হি প্ৰকল্পসমূহ ২৭ গৰাকী অভিজ্ঞ মূল্যায়কে মূল্যায়ন কৰাৰ পিছত নিৰ্বাচিত ২৮ গৰাকীকৈ শিশু বিজ্ঞানীক বিশিষ্ট অতিথিসকলে মান-পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ।
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা শিশু বিজ্ঞানীসকল হৈছে ডিব্ৰুগড়ৰ অনিশা ৰয়, শিৱসাগৰৰ আশা কটকী, কাৰ্বি আংলঙৰ আয়ুস বৰদলৈ, কামৰূপ নগৰৰ বেদান্ত শৰ্মা, বাক্সাৰ বিৰিণা শৰণীয়া, নলবাৰীৰ দৰ্শিত কাশ্যপ, মৰিগাঁৱৰ দ্বিপশিখা মেধি, গোলাঘাটৰ ধীৰজ্যোতি বৈশ্য (National Childrens Science Festival)। আনহাতে,মাজুলীৰ ডিয়া দাস, ডিব্ৰুগড়ৰ ঈষাৰাণী গগৈ, চৰাইদেউৰ গায়ত্ৰী ক্ষেত্ৰপল, লক্ষীমপুৰ গুণ গুণ গগৈ, শোণিতপুৰৰ হৰ্ষিতা কাশ্যপ, বিশ্বনাথৰ জ্যোতিক্ষা প্ৰিতম বৰা, তিনিচুকীয়াৰ খামচেং টি গগৈ, যোৰহাটৰ নিহাৰ দত্ত, তামুলপুৰৰ নিহীৰ বড়ো, ধেমাজিৰ নিহাৰিকা দত্ত, ওদালগুৰিৰ পিংকু বড়ো, নগাঁৱৰ প্ৰেশিলা লক্ৰা, শিৱসাগৰৰ পূণ্য দত্ত, কোকৰাঝাৰৰ সানিলী ব্ৰহ্ম, কৰিমগঞ্জৰ ছাজিদা পাৰভিন মজুমদাৰ, শোণিতপুৰৰ শিৱানী সৃষ্টি লহকৰ, দৰঙৰ চাহচিন ৰাবি ৰহমান আৰু শিৱসাগৰৰ তন্ময় ভৰালী ।
এই আটাইকেইগৰাকী শিশু বিজ্ঞানীয়ে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে । আনহাতে, ধেমাজিৰ নীহাৰিকা দত্তই খগেন্দ্ৰনাথ ব্ৰহ্ম ৰাজ্যিক শিশু বিজ্ঞানী বঁটা আৰু ওদালগুৰিৰ পিংকু বড়োৱে ড৹ অবনী চন্দ্র গোস্বামী ৰাজ্যিক শিশু বিজ্ঞানী বঁটা লাভ কৰি নাগপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান চায়েন্স কংগ্ৰেছলৈ নিৰ্বাচিত হৈছে (Indian Science Congress)। উক্ত সামৰণি অনুষ্ঠানত এই দুগৰাকী শিশু বিজ্ঞানীকো বিশেষ ভাৱে অভিনন্দন জ্ঞাপন কৰা হয় ।
লগতে পঢ়ক:DGP Emergency meeting: তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ জৰুৰী বৈঠক