২৬০ সংখ্যক দিক্ষান্ত সমাৰোহ তেজপুৰ, ২৮ নৱেম্বৰ : ‘‘উন্মুক্ত হৈ আছে ভাৰত-নেপাল, ভাৰত-ভূটান সীমান্তৰ কিছু অংশ ৷ এই খোল খাই থকা অংশসমূহ অতি সংবেদনশীল তথা স্পৰ্শকাতৰ ৷ এই স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি ৰাখিবলৈ সদা প্ৰস্তুত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি ৷’’ মঙলবাৰে তেজপুৰস্থিত শালনিবাৰী এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহানিৰ্দেশক বিনোদ নায়কে।
৬৫৬ গৰাকী SSB জোৱানৰ দিক্ষান্ত সমাৰোহ সম্পন্ন লগতে তেওঁ কয়, পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত এছ এছ বিৰ জোৱানসকলক প্ৰশিক্ষণ দিয়া হৈছে ৷ যাতে সকলো কাৰ্যকলাপ প্ৰতিৰোধ কৰিব পাৰে ৷ বিগত ২০০৪ চনৰ পৰাই অতি শক্তিশালী ৰূপত নিযুক্তি দিয়া হৈছে এছ এছ বিৰ জোৱানসকলক ।
আনকি দেশৰ বিভিন্ন সমস্যাৰ লগতে নক্সালবাদীৰ সঘন কাৰ্যকলাপ প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবে উন্নত প্ৰশিক্ষণ দিয়া হৈছে এছ এছ বি ৰ জোৱানসকলক ৷ ইতিমধ্যে স্পৰ্শকাতৰ অঞ্চলসমূহত নিযুক্তিও দিয়া হৈছে জোৱানক বুলি উল্লেখ কৰে বিনোদ নায়কে ৷
SSB জোৱানৰ দিক্ষান্ত সমাৰোহ সম্পন্ন উল্লেখ্য যে, মঙলবাৰে তেজপুৰস্থিত শালনিবাৰীৰ এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত আয়োজন কৰা হয় ২৬০ সংখ্যক দীক্ষান্ত সমাৰোহ ৷ সশস্ত্ৰ সীমা বলৰ কেবাখনো ৰাজ্যৰ মুঠ ৬৫৬ জন প্ৰশিক্ষাৰ্থীয়ে যোৱা ৪৪ সপ্তাহ ধৰি বিভিন্ন ক্ষেত্ৰৰ লোৱা অস্ত্ৰশস্ত্ৰৰ প্ৰশিক্ষণ সমাপ্ত কৰে । লগতে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰত্যেকগৰাকী জোৱানে ভাৰতৰ সংবিধানত আৰু ৰাষ্ট্ৰীয় পতাকাৰ তলত শপত গ্ৰহণ কৰে ।
ইয়াৰ উপৰিও এই অনুষ্ঠানত এছ এছ বিৰ এই নতুন সেনানীসকলে অস্ত্ৰৰ কুচকাৱাজ আৰু বিভিন্ন ধৰণৰ খেল ধেমালিও প্ৰদৰ্শন কৰে উপস্থিত দৰ্শকক ৷ প্ৰশিক্ষণ শিবিৰৰ উপ নিৰ্দেশক মনমোহন সিঙৰ তত্বাৱধানত প্ৰশিক্ষণ লোৱা এই সশস্ত্ৰ সীমা বলৰ জোৱানসকলে শীঘ্ৰে ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমান্তত নিজ নিজ কৰ্তব্যত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত অৰুণাচল প্ৰদেশত মুকলি হ'ব সংগ্ৰহালয়