তেজপুৰ, ২৪ অক্টোবৰ : সীমান্তৰ অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা সুচল কৰিবলৈ ভাৰত-চীন সীমান্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ ভিন্ন অঞ্চলেৰে ছয়টা নতুন পথ নিৰ্মাণ হৈছে (New roads in China Border in India) । মুঠ 2,178 কিলোমিটাৰ নতুন পথৰ সংযোগে সীমান্ত অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।
মন কৰিবলগীয়া যে সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন সাধনৰ কাম কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ পিছত যুদ্ধকালীন প্ৰস্তুতিৰে কাম আৰম্ভ কৰিছে । কাৰণ ২০২০ চনত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control, LAC) চীনা সৈন্যৰ লগত হোৱা সংঘৰ্ষৰ পিছত লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অত্যধিক সেনা মোতায়েন কৰিবলগীয়া হয় (India China conflict) ।
কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ পৰা সীমান্তৰ পথ উন্নয়নৰ কাম হাতত লয় আৰু ভাৰতে যোৱা পাঁচ বছৰত চীনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায় ১৫,৪৭৭ কোটি টকা ব্যয় কৰি ২০৮৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে বুলি চলিত বৰ্ষৰ জুলাই মাহত প্ৰকাশ কৰিছিল প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই (2178 km new road along Arunachal Pradesh border) ।
অৰুণাচল প্ৰদেশত (roads connectivity in Aruanchal China border) বৰ্তমান দুটা কৰিডৰ পূব-পশ্চিম দিশত আছে আৰু ই অসমৰ সৈতে সংযোগী । ৰাজ্যৰ সীমান্তৰ সমীপৰ পাদদেশেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যৰ মাজভাগত নিৰ্মাণ হৈ থকা ১৩/১২৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন হোৱাৰ বিপৰীতে ১৩/১২৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, যাক ট্ৰেন্স অৰুণাচল হাইৱে (Trans Arunachal Highway) বুলিও কোৱা হয়, সেইটো বৰ্তমান নিৰ্মাণৰ কাম চলি আছে ।
এই পথটোৰ ১৫৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স অৰুণাচল ঘাইপথৰ ১৪৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশ প্ৰায় সম্পূৰ্ণ হৈছে । ৰাজ্যখনৰ সিপাৰে চীনৰ সীমান্তৰে সংযোগ হ'বলগীয়া তৃতীয়টো ঘাইপথ নিৰ্মাণৰ বাবেও ইতিমধ্যে প্ৰস্তাৱ লোৱা হৈছে । লগতে ১৮৫৯ কিলোমিটাৰ সীমান্ত ঘাইপথৰ এক বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । চৰকাৰে প্ৰস্তাৱ লোৱা ৬টা নতুন ৰোড কৰিডৰৰ জৰিয়তে এই তিনিটা ঘাইপথৰ সংযোগ হ'লে সীমান্তলৈ যোগাযোগ উন্নত হ’ব ।