তেজপুৰ,12 ডিচেম্বৰ : 1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ নামটি আৰু ৱালং ৷ নামটি ঘাটিৰ বাহাল সমতলত ভাৰতীয় সেনাৰ 6 নং কুমাও ৰেজিমেণ্টৰ ওপৰত আক্ৰমণ চলাইছিল প্ৰায় 2000 চীনা সৈন্যই ৷ এই যুদ্ধত নিহত হৈছিল 404 গৰাকী ভাৰত মাতৃৰ বীৰ জোৱান ৷ ইয়াৰ পিছতেই চীনা সৈন্যই অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল হেলমেট টপ ৷
হাইলুংৰ পৰা ৱালং আৰু কিবিঠুত উপস্থিত হ’বলৈ প্ৰয়োজন হয় 24 ঘন্টা ৷ পূৰ্বতে এই অঞ্চলত যোগাযোগ ব্যৱস্থা অতি শোচনীয় আছিল যদিও বৰ্তমান বৰ্ডাৰ ৰোডছ ৰ অধীনত আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ তৎপৰাতত সীমান্তত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে । লগতে অধিক উন্নত কৰা হৈছে বায়ু সেনাৰ সংযোগ ।