তেজপুৰ, ২৬ জুন : তেজপুৰৰ Missionery of cheraty শিশু আৱাসগৃহৰ ১৬ টা শিশুৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ ইয়াৰে ১১ টা বিশেষভাৱে সক্ষম শিশু আৰু বাকীসকল কিশোৰ-কিশোৰী ৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে ১১ টা শিশু আৰু ৫ গৰাকী পৰিচৰ্যাকাৰীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে ৷
বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে বিশেষভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ৷ ইতিমধ্যে Missionery of cheraty শিশু আৱাসগৃহত সম্পূৰ্ণ ছেনিটাইজেচন কৰাৰ লগতে বাকী থকা সকলকো তাৎক্ষণিকভাৱে ক'ভিডৰ পৰীক্ষা কৰা হৈছে ৷